Breaking

পুৰণিগুদাম কবি সন্মিলনৰ চোতালে-চোতালে কবিৰ মেল অনুষ্ঠান সম্পন্ন

0 47

আখৰ পঢ়িব নজনা লোকেও কাব্যিক পৰম্পৰাৰ বাবেই কীৰ্তন ভাগৱত সহজে পঢ়িব পাৰে। অসমীয়া সাহিত্যৰ সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰচলিত অলংকাৰটোৱেই হ’ল কবিতা- পুৰণিগুদাম কবি সন্মিলনৰ “চোতালে চোতালে কবিৰ মেল” শীৰ্ষক এটি অবিৰত কবিতা পাঠৰ অনুষ্ঠানত উপস্থিত থাকি চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট চিন্তাশীল লেখক ড° ইন্দ্ৰজিৎ বেজবৰুৱাই শনিবাৰে এইদৰে কয়।

পুৰণিগুদাম মাজগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকিবুৰ ৰহমানৰ আতিথ্যত আয়োজিত এই কবিৰ মেলত কবিসকলে স্বদেশ আৰু স্বজাতিক জাগ্ৰত কৰা কবিতা পাঠ কৰি পৰিৱেশ জীপাল কৰি তোলে। কবি, সাহিত্য সংগঠক দুলাল বৰাই নৱকান্ত বৰুৱাৰ “কবিতা মানুহৰ ৰখীয়া হৈ থাকিব” বোলা এই কথাষাৰ দাঙি ধৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিৰোধিতাৰে স্বৰচিত কবিতা পাঠ কৰি ৰাছিয়া চৰকাৰৰ ৰোষত পৰা ৰাছিয়াৰ যুৱ কবি অৰ্তময় কৰমদিনে যুদ্ধবিৰোধী কবিতা পাঠ কৰাৰ অপৰাধত আদালতে সাত বছৰৰ কাৰাদণ্ডৰ বিধান দিয়া বাতৰিটোত বিশ্বৰ সচেতন মহলক আঘাত দিয়াৰ লগতে পুৰণিগুদাম কবি সন্মিলনকো আঘাত দিছে বুলি মন্তব্য কৰে।

চামগুৰি মহাবিদ্যালয়ৰ অধ্যাপক হিৰণ্য কুমাৰ শৰ্মাই আঁত ধৰা কবিৰ মেলত পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতা, কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰা, সম্পাদক হেমন্ত কুমাৰ বৰা, কুমাৰ বিভূতি, বসন্ত কৌশিক ভাগৱতী, দ্বীপজ্যোতি বৰা, প্ৰদীপ কুমাৰ শইকীয়া, বিপুল মজিন্দাৰ, দ্বিজেন্দ্ৰ মোহন শইকীয়া, শেৱালী বৰা, বিনু হাজৰিকা, হাৰুনাৰ ৰচিদ, লক্ষেশ্বৰ শৰ্মা, নিজৰা বৰা, মোচ্চাছিক হুছেইন, বিচিত্ৰ নাৰায়ণ বৰা, আবু মনচুৰল হক, জগত চন্দ্ৰ বৈৰাগী, অসীম বৰা, খগেন গায়ন, অমিয়া বৰা, কবিতা দাস, জয়ন্তী বৰা, কাবেৰী মহন্ত, অনু কোঁৱৰ, কবীন পাটৰ, নাৰায়ণ দাসকে ধৰি প্ৰায় অৰ্ধ শতাধিক কবিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কবি, গায়িকা হেলেন পণ্ডিত, প্ৰফুল্ল বৰাই গীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে। উল্লেখযোগ্য যে, এই কবিমেলতে বিশিষ্ট কবি লেখক লক্ষেশ্বৰ শৰ্মাৰ “অস্তিত্বৰ সময় – ২” শীৰ্ষক এখনি কাব্যগ্ৰন্থ উন্মোচিত হৈ যায়। উক্ত গ্ৰন্থখনি ড° ইন্দ্ৰজিৎ বেজবৰুৱাই উন্মোচন কৰে।

Leave A Reply