Breaking

‘ভাৰতৰ পৰা খ্ৰীষ্টান ধৰ্ম নিৰ্মূল কৰিব নোৱাৰে’, মণিপুৰৰ হিংসাক লৈ কেন্দ্ৰক সমালোচনা আৰ্চবিশ্বপ ক্লেমিছৰ…

0 48

মণিপুৰত অৰ্ধসামৰিক বাহিনী থকাৰ পাছতো চৰ্চালৈ আহিছে বহু হিংসাত্মক ঘটনা। এই সময়ত ৰাজনৈতিক নেতাৰ ঘৰো জ্বলাই দিয়া হৈছে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে কেৰালা কেথলিক বিচপ কাউন্সিলৰ সভাপতি কাৰ্ডিনেল মাৰ বেচিলিয়াছ ক্লেমিছে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে। একে সময়তে তেওঁ কয় যে কোনেও ভাবিব নালাগে যে ভাৰতৰ পৰা খ্ৰীষ্টান ধৰ্ম নিৰ্মূল কৰিব পাৰিব। দেওবাৰে কেৰালাত মণিপুৰ বিষয়ক লৈ কংগ্ৰেছৰ এগৰাকী বিধায়কৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদত এই মন্তব্য কৰে ছিৰ’-মালংকাৰা কেথলিক চাৰ্চৰ আৰ্চবিশ্বপ কাৰ্ডিনেল মাৰ বেছেলিঅ’ছ ক্লিমিছে। ক্লেমিছে এই বিষয়ত মৌনতা ভংগ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনাই হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত শীঘ্ৰে শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপৰ দাবী জনায়। এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া মৌনতা ভাঙিব লাগে বুলিও মন্তব্য কৰে।

আৰ্চবিশ্বপ ক্লেমিছে কৈছিল যে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ অধিকাৰ যিকোনো ব্যক্তিক দিয়া আমাৰ সংবিধানখন কিয় লুকুৱাই ৰখা হৈছে? কেন্দ্ৰই নিজৰ মৌনতা ভংগ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে হস্তক্ষেপ কৰিব লাগে।”মণিপুৰৰ হিংসাত্মক ঘটনা ৰোধ কৰিব পৰা নাই চৰকাৰে কিয়?” ক্লেমিছে প্ৰশ্ন উত্থাপন কৰে যে মণিপুৰত ৬৫ দিন ধৰি দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ চলি আছে। হিংসাত্মক ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ। কেৰালাৰ আন আন খ্ৰীষ্টান বিচপসকলে কেন্দ্ৰক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে।

তাৎপৰ্যপূৰ্ণভাৱে মণিপুৰত অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত জনজাতীয় সংহতি পদযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে ৰাজ্যত আৰম্ভ হ’ল হিংসাত্মক সংঘৰ্ষ। য’ত এতিয়ালৈকে ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। মেইটেই জনগোষ্ঠী আৰু জনজাতীয় কুকিৰ মাজত হয় এই সংঘৰ্ষ।

Leave A Reply