Chutia Jati Sammelan:১০ এপ্ৰিলত ঢকুৱাখনাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ শততম প্ৰতিষ্ঠা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল : অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ ১৯২৫ চনৰ ১০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰা সদৌ চুতীয়া জাতি সন্মিলন(Chutia Jati Sammelan), অসমে ১০ এপ্রিল, ২০২৫ তাৰিখে শতবর্ষ সম্পূৰ্ণ কৰিছে।

(Dhakuakhana) চুতীয়া জাতিৰ উন্নয়ণৰ হকে নানা ঘাত-প্রতিঘাতৰ মাজেৰে কল্যাণ সাধনৰে সেৱা আগবঢ়াই অহা জাতীয় সংগঠনটোৰ জাতিৰ উপৰিপুৰুষসকলক স্মৰণ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও সংকল্প গ্ৰহণৰ হেতুকে ঢকুৱাখনাৰ সাধনী ভৱনত(Sadhni Bhavan) দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ত প্রতিষ্ঠা দিৱসটি(100th Foundation Day) উদযাপন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি পুৱা গছপুলি ৰোপণ কৰিব চুতীয়া উন্নয়ন পৰিষদৰ সদস্য চিত্ৰৰঞ্জন দাস,সাধনীৰ প্ৰতিমূৰ্তিত বন্তি আৰু পুষ্পাঞ্জলী অৰ্পণ কৰিব উপদেষ্টা দিগেন্দ্ৰনাথ হাজৰিকাই।পতাকা উত্তোলন কৰিব সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি দিব্য খনিকৰ আৰু প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, মূল সন্মিলনৰ প্ৰতিখন আঞ্চলিকৰ সভাপতিসকলে।

দুপৰীয়া সম্বর্ধনা অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ’ব। এই সভাত সভাপতিত্ব কৰিব ঢকুৱাখনা জিলাৰ সভাপতি দিব্য খনিকৰে। এই মুকলি সভাখনিত উদ্ধোধনী ভাষণ প্ৰদান কৰিব সদৌ চুতীয়া জাতি সন্মিলনৰ, অসমৰ প্রশাসনিক সম্পাদক নৃপেন শইকীয়াই।

নিদিষ্ট বক্তা হিচাবে সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ উপদেষ্টা তুলসী প্রসাদ শইকীয়া, চুতীয়া যুৱ সন্মিলন, অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া উপস্থিত থাকিব।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ঢকুৱাখনা জিলাৰ প্রাক্তন সভাপতি হেম বৰুৱা, গঙ্গেশ্বৰ বৰুৱা, ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা সোনেপুৰ চুতীয়া, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া, সদৌ চুতীয়া জাতি মহিলা সম্মিলন, অসমৰ উপ-সভানেত্ৰী কল্পনা সেনাপতি, চুতীয়া উন্নয়ণ পৰিষদৰ সদস্য ৰত্নেশ্বৰ বৰা, সদস্যা ৰূপাঞ্জলী চুতীয়া, ঢকুৱাখনা জিলাৰ প্ৰাক্তন সম্পাদক অতুল চুতীয়া।

সন্ধিয়া বন্তি প্রজ্জ্বলনত মুখ্য প্রজ্জ্বলক হিচাপে উপস্থিত থাকিব ঢকুৱাখনা পৌৰসভাৰ পৌৰ আয়ুক্ত তিলেন দাসে। সেয়েহে এই অনুষ্ঠানটোত চুতীয়া জাতিৰ সকলো জ্ঞাতিৰ উপস্থিতি কামনা কৰিছে ঢকুৱাখনা জিলাৰ সম্পাদক গৌৰৱ বৰুৱাই।

Related Articles