২২জানুৱাৰী,২০২৫ঃ Chutia । জনজাতিকৰণ, স্বায়ত্বশাসন, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট-মাজুলী সংযোগী দলংখন চুতীয়া জাতিৰ বীৰঙ্গনা সাধনীৰ নামত নামাকৰণৰ দাবীত পুনৰ আমৰণ অনশনত বহিব চুতীয়া জাতি যুৱ সন্মিলন।’চুতীয়া জাতি যুৱ সন্মিলন, অসম’ৰ মঙ্গলবাৰে তিতাবৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ পাছতে হুংকাৰ দিলে সংগঠনটোৱে।
৮ জানুৱাৰীৰ পৰা চুতীয়া জাতি যুৱ সন্মিলন, অসম’ৰ নেতৃবৃন্দই যোৰহাটত আৰম্ভ কৰা অনশন কাৰ্যসূচী অসম চৰকাৰৰ অনুৰোধমৰ্মে ১১ জানুৱাৰীত সাময়িকভাৱে স্থগিত ৰাখিছিল যদিও আলোচনাৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে। যাৰ ফলত পুনৰ আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিছে সংগঠনটোৱে।

