Breaking

নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, ইয়াক কোনেও ৰুদ্ধ কৰিব নোৱাৰে, মমতালৈ শেল এৰি বংগত ক’লে অমিত শ্বাহে…

0 14

নাগৰিকত্ব সংশোধনী আইন দেশৰ আইন, ইয়াক কোনেও ৰুদ্ধ কৰিব নোৱাৰে, মমতালৈ শেল এৰি বংগত ক’লে অমিত শ্বাহে। ‘নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে’, বংগত এই মন্তব্য কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ তেওঁ মমতা বেনাৰ্জীৰ বিৰুদ্ধে আইন খনকলৈ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপিৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰে৷ তেওঁ কয় “নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতিৰ অংশ’’। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) ৰূপায়ণ কোনেও বন্ধ কৰিব নোৱাৰে, কিয়নো ই দেশৰ আইন। তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিষয়টোত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ’চিয়েল মিডিয়া আৰু আইটি শাখাৰ সদস্যসকলৰ এক ৰুদ্ধদ্বাৰ বৈঠকত ভাষণ দি শ্বাহে কয় যে চিএএ ৰূপায়ণ হৈছে দলটোৰ প্ৰতিশ্ৰুতি। অমিত শ্বাহে বিশ্বাস ব্যক্ত কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, বিজেপিয়ে ১৮ খন আসন লাভ কৰিছিল। বংগ বিজেপিৰ মিডিয়া শাখাই বৈঠকত শ্বাহে দিয়া ভাষণৰ কিয়দংশ ৰাজহুৱা কৰিছে৷

শ্বাহে কয় “আমি পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ পিছত পশ্চিম বংগত বিজেপি চৰকাৰ গঠনৰ বাবে কাম কৰিব লাগিব। বিজেপি চৰকাৰৰ উদ্দেশ্য হ’ব অনুপ্ৰৱেশ, গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰা আৰু চিএএৰ জৰিয়তে ধৰ্মীয় ভিত্তিত নিৰ্যাতিত লোকসকলক নাগৰিকত্ব প্ৰদান কৰা,” ৷ উল্লেখ্য নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে মোদীয়েই হওঁক বা শ্বাহেই হওঁক, বংগ প্ৰতিবাৰেই মমতাক আক্ৰমণৰ লক্ষ্য কৰি আহিছে৷ মূলতঃ বংগৰ হিন্দু বঙালী ভোটাৰক আকৃষ্ট কৰাৰ বাবেই বিজেপিয়ে বংগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগটো সঘনাই উচ্চাৰণ কৰি আহিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ ধৰ্মতলাত এক ৰেলীত চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কৈছিল যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো বন্ধ কৰিব নোৱাৰে। বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ বিজেপি ক্ষমতালৈ অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত পেলাই ৰখা হৈছিল৷

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগত অতি শীঘ্ৰে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰে পৰা প্ৰায় দুবছৰ পাৰ হৈ গ’ল, কিন্তু আইনখন বংগত প্ৰণয়ন কৰা হোৱা নাই। এইবোৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বংগলৈ আহি শ্বাহে পুনৰ চিএএৰ বিষয়টো উলিয়াইছে৷ উল্লেখ্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে।

Leave A Reply