দিলীপ হাজৰিকা :
শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাজিৰা মহকুমাৰ অশান্তজৰ্জৰ গেলেকী শিঙিবিল অঞ্চলত “সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ”ৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ কালি নগাৰ আগ্ৰাসন প্ৰতিৰোধ আৰু সীমাবিবাদ শীৰ্ঘ্ৰে নিষ্পত্তিৰ বাবে অসম চৰকাৰ তথা প্ৰশাসন কৰ্তৃপক্ষক আহ্বান জনায়। উল্লেখযোগ্য যে, নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ বৃহৎ ভূখণ্ড ইতিমধ্যে নগাই বেদখল কৰাৰ পাছত শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰশাসনৰ সহযোগত নগাই অসমৰ বৃহৎ ৰাজহ ভূমি দখলৰ বাবে যোৱা কেইবাদিন ধৰি প্ৰচেষ্টা চলোৱাৰ উপৰি কেইবাটাও গৃহ নিৰ্মাণ কৰাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত তাণ্ডৱ অব্যাহত ৰাখিছে। যোৱা দহ জুনত শিৱসাগৰ জিলা প্ৰশাসনে অসমৰ ভূখণ্ডত নগাই নিৰ্মাণ কৰা গৃহ ভাঙি উচ্ছেদ কৰাৰ উপৰিআগ্ৰাসী নগা বাহিনীক খেদি পঠিয়াইছিল। ইয়াৰ পিছতো পুনৰ নগাই অঞ্চলটোত বাংকাৰ নিৰ্মাণ কৰি এম্বুজদি থকাত সীমান্তৱৰ্তী অসমীয়া লোকে ভীতিগ্ৰষ্ঠ হৈ পৰে আৰু বৰ্তমানেও আতংকময় পৰিৱেশে বিৰাজ কৰিছে। অসম আৰক্ষী বেটেলিয়নৰ দলে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিৰ মাজতে যোৱা কালি সংগ্ৰামী যুৱ-ছাত্র পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি পংকজ দত্ত, নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি নাচিম ৰহমান হাজৰিকা, সাধাৰণ সম্পাদক বিকাশ গগৈৰ লগতে কেইবাজনো বিষয়-ববীয়াই ঘটনাস্থলীত উপস্থিত হৈ নগাই অসমৰ ভূখণ্ডত অব্যাহত ৰখা আগ্ৰাসনৰ বুজ লয় আৰু নগাৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আনহাতে সংগঠনটোৱে নগাৰ বিৰুদ্ধে শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা প্ৰশাসনৰ অভিযান তথা পদক্ষেপক আদৰণি জনায়। সংগঠনটোৱে সীমান্ত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু সীমান্তবাসী অসমীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সমস্যা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ যোগে দুয়োখন ৰাজ্যৰ মাজত আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধানৰ দাবী জনাইছে। ইয়াৰ অন্যথা অনাগত সময়ত অসমৰ ভূখণ্ডত পুনৰ নগাৰ আগ্ৰাসন আৰু তাণ্ডৱ চলিলে সংগঠনটোৱে সীমান্তৱৰ্তী ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি এক বিবৃতি যোগে সকীয়াই দিয়ে।