বোকাখাতত অসামৰিক পৰীক্ষাৰ সজাগতা অনুষ্ঠান

বোকাখাত পুৱতি সাহিত্য সভা ভবনত যোৱা ২৭ জানুৱাৰীত অনুষ্ঠিত হৈ যায় অসম অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি সম্পর্কে এক সজাগতা অনুষ্ঠান। সজাগতা অনুষ্ঠানত বোকাখাতৰ দুই মহাবিদ্যালয় জে, দি, এছ, জি মহাবিদ্যালয়, চি, এন, বি মহাবিদ্যালয়ৰ লগতে কমাৰগাঁও মহাবিদ্যালয়ৰ মুঠ ১৫০ গৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ মেধাবী ছাত্র ছাত্ৰীয়ে অংশগ্রহণ কৰে। বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতাৰ সঞ্চালনাত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে ভাগ লয় বোকাখাত  মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰনন্ময় ভৰদ্বাজ আৰু বোকাখাতৰ পৰা সদ্য নির্বাচিত এ, চি, এছ  বেদব্ৰত পেগুৱে। এই কৰ্মশালা অনুস্থিত হৈছিল বিজয় কুটুম, ড° বাবুলাল মোৰেৰ তত্বাবধানত।

Related Articles