বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা গাওঁত দশমমান শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামৰ চিপলৈ আত্মহত্যা। ছানিদুল ইছলামে দিনে ৰাতি সদায় মোবাইলত FREE FIRE গেম খেলি থকা প্রত্যক্ষ কৰে পৰিয়ালৰ লোকে। ৰাতি ৩/৪ বজালৈ গেম খেলি থকা কাৰণে ঘৰৰ লোকে বাধা দিয়ে যদিও আওকাণ নকৰে ছানিদুল ইছলামে। ছানিদুল ইছলাম অতিমাত্ৰা খঙাল আছিলে। আজি ৰাতিপুৱা নিজ বাৰীৰ পিছফালে থকা গছৰ লগত চিপজৰিত ওলমি থকা প্ৰত্যক্ষ কৰে ঘৰৰ লোকে। গেম খেলি থকা বাধা দিয়াৰ বাবে এই পথ বাছি লোৱা বুলি সন্দেহ কৰে পৰিয়ালৰ লোকে।
ছানিদুল ইছলামৰ মৃত্যুত অঞ্চলজুৰি শোঁকৰ ছা বিৰাজ কৰাৰ লগতে জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক শোকাকূল পৰিবেশ দেখা যায়। কোনেও যাতে আত্মহত্যাৰ দৰে চৰম পথ বাছি নলয় তাৰ বাবে আহ্বান জনায় একাডেমীৰ ছাত্ৰীয়ে।

