Breaking

এই সমূহ উপাদানৰ জৰিয়তে দাঁতৰ যত্নৰ লগতে পৰিষ্কাৰ কৰক লেতেৰা দাঁত…

0 140

দাঁতৰ যত্ন আৰু দাঁত পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি কিবা কাৰণত দাঁতলৈ হালধীয়া ৰং আহে, ইয়াৰ ফলত মুখৰ সৌন্দৰ্য্যত প্ৰভাৱ পৰে। সাধাৰণতে যিসকল লোকে গুটখা, পান কফি বেছিকৈ সেৱন কৰে বা দাঁত পৰিষ্কাৰ কৰাৰ যত্ন লোৱা নাই, তেওঁলোকৰ দাঁতত বেয়া প্ৰভাৱ পৰে। কোনবোৰ বস্তুৰ সহায়ত আমি দাঁত উজ্জ্বল কৰিব পাৰো আহকচোন জানোঁ এই বিষয়ে –
আমি বেকিং চোডা ব্যৱহাৰ কৰি দাঁতৰ হালধীয়া ৰং ঘূৰাই আনিব পাৰোঁ। ইচ্ছা কৰিলে ঘৰতে বেকিং চোডাৰ পেষ্ট প্ৰস্তুত কৰক বা এটা টুথপেষ্ট কিনি লওক য’ত বেকিং পাউদাৰ বেছি পৰিমাণে থাকে। বহু গৱেষণাতো প্ৰমাণিত হৈছে যে এইটো এটা নিৰাপদ পদ্ধতি। ইয়াৰ বাবে বেকিং চোডা আৰু নেমুৰ ৰস মিহলাই টুথব্ৰাছৰ সহায়ত দাঁতত লগাই লাহে লাহে হাতেৰে ঘঁহিব লাগে। ২-৩ বাৰ এনে কৰিলে দাঁত সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিব।


আপুনি নিশ্চয় ৰন্ধা-বঢ়া, চুলি আৰু ছালৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰে, আপুনি জানি আচৰিত হ’ব যে দাঁত পৰিষ্কাৰ কৰিবলৈও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে এচামুচ নাৰিকল তেল মুখত দি ১৫ৰ পৰা ২০ মিনিট মুখত ৰাখিব। এনে কৰিলে দাঁত পৰিষ্কাৰ হ’ব।
আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে নিমখ ব্যৱহাৰ কৰো, এই নিমখৰ সহায়ত দাঁত পৰিষ্কাৰো কৰিব পাৰি। ইয়াৰ বাবে এটা বাটিত নিমখ ৰাখি আঙুলি বা ব্ৰাছৰ সহায়ত দাঁতৰ প্ৰতিটো কোণত ঘঁহিব। এই কাম কৰিলে দাঁত পৰিষ্কাৰ হ’ব আৰু সকলো ধৰণৰ ক্ষতিকাৰক বেক্টেৰিয়াৰো অন্ত পৰিব।

এই বস্তু সমূহৰ দ্বাৰা লেতেৰা দাঁত পৰিষ্কাৰ আৰু দাঁতৰ যত্নও ল’ব পাৰিব।

Leave A Reply