মহামানৱ মহাত্মা গান্ধী ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ” আশ্ৰয়” ৰ তৰফৰ পৰা এক স্বচ্ছ অভিযান চলোৱা হয় । উল্লেখযোগ্য যে নাজিৰা নগৰত অৱস্থিত এটিএম মেচিন সমুহ থকা গৃহ সমুহ অতিকৈ লেতেৰা হৈ থকাৰ পৰিপেক্ষিতত আজি এই এটিএম সমুহ আশ্ৰয়ৰ তৰফৰ চফা কৰাৰ ব্যৱস্থা কৰা হয় । বেংক কতৃপক্ষৰ অনুমতি সাপেক্ষে অনুষ্ঠিতহোৱা আজিৰ চফাই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে । নিজৰ চমু বক্তব্যত কাশ্যপে কয় যে জনসমাগম হোৱা অন্য এটি ঠাই এই এটিএম সমুহ । এই এটিএম সমুহ একাংশ উপভোক্তাই সঠিক ভাৱে ব্যৱহাৰ নকৰাৰ ফলতেই লেতেৰা হয় । বিভিন্ন সময়ত ইয়াত তামোলৰ পিক পৰি থকা দেখা যায় । মহোদয়ে ৰাইজক এই এটিএম সমুহ চফা কৰি ৰখাত নিজকে অংশীদাৰিত্ব হবলৈ আহ্বান জনায় আশ্ৰয়ৰ এই পদক্ষেপক শলাগ লয় আৰু অনাগত দিনত এনেধৰণে সমাজৰ উন্নতিৰবাবে কাম কৰিবলৈ আহ্বান জনায় । নাজিৰা নগৰৰ প্ৰায় ১০টা এটিএম আশ্ৰয়ৰ কৰ্মকৰ্তা সকলে চাফ-চিকুন কৰি দিয়াৰ লগতে ৰাইজক এই এটিএম সমুহ নিজৰ বুলি ভাবি চফা কৰি ৰাখিবলৈ আহ্বান জনায় ।

