“মই ‘দুৰ্ঘটনা’ বুলি কোৱা নাই, জুবিন গাৰ্গৰ ‘হত্যাকাণ্ড’ৰ চাৰ্জশ্বীট ১৭ ডিচেম্বৰৰ আগতেই দিয়া হ’ব”: মুখ্যমন্ত্ৰী । CM


CM । সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ পুনৰ এক বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ঐতিহাসিক পকামূৰা পথাৰত অনুষ্ঠিত মহিলা উদ্যমিতা অভিযানৰ পুঁজিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মই আজি ‘দুৰ্ঘটনা’ বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি ১৭ ডিচেম্বৰৰ আগতেই দিম।”

মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰে, “মই টাৰ্গেট দিছো ৮ তাৰিখমানৰ ভিতৰত যাতে চাৰ্জশ্বীট দাখিল কৰিব পাৰি। আমি সকলো ফালৰ পৰা প্ৰস্তুত। বিদেশত যদি কোনো ঘটনা ঘটে, চাৰ্জশ্বীট দাখিলৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন ল’ব লাগে। কালি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আহিছো যাতে অনুমোদন সোনকালে পাম। গতিকে মই ভাবো যে অহা তিনি-চাৰি দিনৰ ভিতৰত এছ আই টিয়ে গৃহ মন্ত্ৰণালয়লৈ লিখিব আৰু অনুমোদন পোৱাৰ পাছতে ৮-৯ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব।”


📜 “শত্ৰুৰ কথা কোনো কাৰণতে নুশুনোঁ”: মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত সজাগ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “১০ ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছো বুলি ধৰি লওক। মই ক’লো ১০ ছেপ্টেম্বৰত দিম, নিদিলো ১০ নৱেম্বৰত দিলো, তাৰ পৰা কি ক্ষতি হ’ব পাৰে? শত্ৰুপক্ষই যদি ১০ ছেপ্টেম্বৰত বিচাৰে মই কিয় দিম? মই ১১ তাৰিখত দিম। শত্ৰুৰ কথা শুনিম নেকি?”

তেওঁ যোগ কৰে, “প্ৰথমে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বিষয়টো পুলিচে সম্পূৰ্ণ কৰিব লাগিব। তাৰ পাছত বেলেগ কথা। জুবিন গাৰ্গৰ আগতে যদি বেলেগ বিষয় কৰোঁ, ৰাইজে বেয়া পাব।”


🗂 সাংবাদিকক আৰ টি আইৰ পৰামৰ্শ

সংবাদিকজনৰ এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, “ছিংগাপুৰত আয়োজিত নৰ্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে সহযোগিতা আগবঢ়াইছে নে নাই” — এই সন্দৰ্ভত মই ক’ব বিচাৰো, “অসম চৰকাৰে এটকাও দিয়া নাই। প্ৰয়োজন হ’লে আপুনি আৰ টি আই মাৰি জানিব পাৰে।”


🇵🇰 “গৌৰৱ গগৈ পাকিস্তানী এজেন্ট ১০০ শতাংশ”

আনহাতে মুখ্যমন্ত্ৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি পুনৰ কঠোৰ আক্রমণ কৰে। তেওঁ কয়, “গৌৰৱ গগৈ পাকিস্তানী এজেন্ট ১০০ শতাংশ। গাখীৰত পানী মিহলি কৰা হয়, কিন্তু ইয়াত পানীও নাই। তেওঁৰ পাকিস্তানৰ সৈতে যোগসূত্ৰ নিশ্চিত। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মোৰ ওপৰত গোচৰ দিয়াৰ কথা কৈছে। দিয়ক, ময়ো ভালেই পাওঁ। কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বীট দিয়াৰ পাছতে গৌৰৱ গগৈৰ কাণ্ড মুকলি কৰিম।”


🕊 “অশোক সিংহলৰ মাটি আছে নে নাই নাজানো”

সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষত মন্ত্ৰী অশোক সিংহলৰ মাটি থকা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “অশোক সিংহলৰ মাটি আছে নে নাই, মই নাজানো। কিন্তু সমাধিত আমি ১০ বিঘা মাটি দিছো। ভূপেন হাজৰিকাকো তেনেকৈ দিছিলো। দুয়োৰে ক্ষেত্ৰত সামঞ্জস্য ৰাখিছো।”


🚜 “উচ্ছেদ অভিযান চলি আছে, অবৈধ মিঞাৰ শান্তি নাই”

উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “উচ্ছেদ অভিযান অব্যাহত আছে। আজিও বিহালীত উচ্ছেদৰ নিৰ্দেশ দিছো। গতিকে মিঞাৰ শান্তি নাই — অবৈধ মিঞাৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। মই নাথাকিলে বেলেগ কথা।”


💰 উদ্যমিতা আঁচনিৰ ধন বিতৰণ

আজি অনুষ্ঠিত মহিলা উদ্যমিতা অভিযানত নদুৱাৰ সমষ্টিৰ ৩০,০৪৫গৰাকী মহিলায়ে আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰে। অনুষ্ঠানটোত বিধায়ক পদ্ম হাজৰিকা আতঁধৰা কৰিছিল। উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু দিগন্ত ঘাটোৱাল

Related Articles