CM ASSAM । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক বিস্ফোৰক ৰাজনৈতিক মন্তব্যৰ জৰিয়তে কংগ্ৰেছৰ বিৰুদ্ধে গম্ভীৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে, কংগ্ৰেছ দলে মুছলমান সমাজৰ পৰা ভোট বিচাৰিছে যদিও, দলটোৱে ৰাজহুৱা সভাত মুছলমান সদস্যসকলক তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান নকৰিবলৈ নিৰ্দেশ দিয়ে
এক সমাবেশত ভাষণদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় —
“কংগ্ৰেছে মুছলমান সমাজৰ পৰা ভোট বিচাৰে, তথাপি মুকলিকৈ তেওঁলোকৰ সৈতে থিয় দিব নিবিচাৰে। সভাত অংশ লোৱাৰ সময়ত টুপী পিন্ধিব নালাগে, পৰম্পৰাগত মুছলমান সাজ-পোছাক নপিন্ধিব বুলি কোৱা হয়।”
তেওঁ সদৰি কৰে যে, বিজেপি তেনে কোনো আচৰণ কেতিয়াও নকৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য—
“আমি কেতিয়াও ৰাভা, মিছিং, বড়ো বা অন্য জনজাতিক তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান নকৰিবলৈ কোৱা নাই। আমি সিহঁতক উৎসাহিত কৰো গৌৰৱেৰে নিজৰ পৰম্পৰা বহন কৰিবলৈ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কংগ্ৰেছৰ ওপৰত ‘চুপা ৰাজনীতি’ কৰাৰ অভিযোগ আনিছে। তেওঁ কয় —
“মুছলমানৰ পৰা ভোট লয়, কিন্তু দীঘল দাড়ি থকা বা পৰম্পৰাগত সাজ পিন্ধাসকলক কংগ্ৰেছে নিজৰ সভাত থিয় দিবলৈ নিদিয়ে। এই এক তিৰস্কাৰমূলক মনোভাৱ।”
বিজেপিৰ চৰকাৰৰ দৃষ্টিভংগী ব্যাখ্যা কৰি তেওঁ কয় —
“আমি সকলো জনগোষ্ঠীক সমানে মৰ্যাদা দি, তেওঁলোকক তেওঁলোকৰ চিনাকি আৰু পৰম্পৰা আগবঢ়াবলৈ আহ্বান জনাও।”
অন্ততঃ, মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰৰ সঁকেত দিয়ে যে মুছলমান সমাজই এতিয়া নিজে বিবেচনা কৰিব লাগে —
“মুছলমান সমাজে এতিয়া স্থিৰ কৰিব লাগিব, কংগ্ৰেছ যেনে দলক তেওঁলোকে আগলৈ সমৰ্থন কৰিব নে নকৰে।”
এই মন্তব্যই অসম ৰাজনীতিত পুনৰ তীব্ৰ বিতৰ্কৰ সঞ্চাৰ ঘটাইছে। কংগ্ৰেছৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত এতিয়ালৈকে অহা নাই।