লুঙী-ধূতিতকৈ ১০ হাজাৰ টকা দিয়াই ভাল: কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM

CM ASSAM । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে। মহিলাসকলক অৰ্থনৈতিকভাৱে সৱল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ **‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’**ৰ অন্তৰ্গত ১০ হাজাৰ টকাৰ চেক বিতৰণক লৈ কংগ্ৰেছৰ সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়—
লুঙী-ধূতিতকৈ ১০ হাজাৰ টকা দিয়াই ভাল।

খানাপাৰাত আয়োজিত এক বৃহৎ সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে কৈছিল যে আমি ৰাইজক যি ১০ হাজাৰ টকা দিছো, সেয়া টকাৰ অপচয়। যেতিয়া তেওঁলোকে লুঙী-ধূতি দিয়ে, তেতিয়া সেয়া অপচয় নহয়নে? এখন লুঙী আৰু ধূতি দিয়া ভাল, নে অসমৰ মহিলাসকলক ১০ হাজাৰ টকা দিয়াটো ভাল?”

তেওঁ আগবঢ়ায়, “কংগ্ৰেছ দল পঞ্চবছৰ মূৰে মূৰে এবাৰ লুঙী, ধূতি, আঁঠুৱা দিয়ে। কিন্তু আমি যেতিয়া মহিলাসকলক সাহায্য কৰিছো, তেতিয়া কেতিয়াও সোধা নাছিলো যে কোনে কংগ্ৰেছক ভোট দিলে। আমাৰ লক্ষ্য একেই—অসমৰ প্ৰতিগৰাকী মহিলাক ‘লাখপতি দিদী’ কৰি তোলা।”

শাসকীয় বিজেপি চৰকাৰ আৰু কংগ্ৰেছৰ মাজত সমাজকল্যাণমূলক আঁচনি আৰু ৰাজহুৱা ধনৰ ব্যৱহাৰক লৈ চলি থকা বাকযুদ্ধৰ মাজতেই মুখ্যমন্ত্ৰীৰ এই মন্তব্যে পুনৰ ৰাজনৈতিক বিতৰ্ক উসকায়।

মুখ্যমন্ত্ৰীয়ে লগতে কংগ্ৰেছক উদ্দেশ্য কৰি কয়, “কংগ্ৰেছে আজিকালি নিজৰেই কৰি অহা কামবোৰৰ বাবে লাজ পাব লগা হৈছে। জনসাধাৰণেও এতিয়া মুকলিকৈ ধূতি-লুঙীক প্রত্যাখ্যান কৰিছে।”

ইফালে বিৰোধী ঐক্যক নিয়াও মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয়, “এই বিৰোধী ঐক্য টিভি ছিৰিয়েলৰ দৰে—প্ৰতিটো এপিছ’ডত নতুন গল্প।”

আজি খানাপাৰাত অনুষ্ঠিত অনুষ্ঠানখনত মুখ্যমন্ত্ৰীয়ে **‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’**ৰ অন্তৰ্গত কেইবাহাজাৰো মহিলা উদ্যোগীক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক চেক প্ৰদান কৰে।

ডঃ শৰ্মাই সামাজিক মাধ্যমত এক পোষ্টত লেখে—
“৪০ লাখ মহিলা উদ্যোগীক শক্তিশালী কৰিবলৈ আৰম্ভ হোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰহাৰ পাছত আজি গুৱাহাটীলৈ আহিছোঁ। কেইবাহাজাৰো আইমাতৃ-বাইদেউৰ উপস্থিতিয়ে আমাৰ নাৰীশক্তিৰ আকাশ চুই চোৱাৰ সপোনক প্ৰতিফলিত কৰিছে। মহিলাসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ দিশত আমি সুস্থিৰ ধাৰাবাহিক গতিৰে আগুৱাই যাম।”

ৰাজনৈতিক বিশ্লেষকৰ মতে, মুখ্যমন্ত্ৰীৰ এই মন্তব্যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ-বিজেপি তর্কক নতুন দিশ প্ৰদান কৰিছে।

Related Articles