Breaking

ক’ভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

0 2,078

মোদী চৰকাৰৰ সপ্তম বৰ্ষ পূৰ্তি উপলক্ষ্যে অসম চৰকাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই আঁচনিৰ অধীনত ক’ৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব। ক’ৰোনাত পিতৃ-মাতৃ বা পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তিক হেৰুওৱা অনাথ শিশুৰ বাবে এই বিশেষ আঁচনিৰ আৰ্থিক সাহায্যৰ লগতে আছে শিক্ষা-দীক্ষা, নিয়োগ আদিৰ সম্পৰ্কতো দীৰ্ঘম্যাদী ব্যৱস্থা।ক’ৰোনাত পিতৃ-মাতৃক হেৰুৱাই আন লোকৰ জিম্মাত থকা শিশু প্ৰতিমাহে ৩৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। এই সাহায্যৰ ২০০০ টকা আহিব কেন্দ্ৰীয় আঁচনিৰ পৰা।

অভিভাৱকহীন ১০ বছৰ তলৰ শিশু, কিশোৰীৰ বাবে ব্যৱস্থা

অভিভাৱকহীন হৈ পৰা ১০ অনুর্ধ্ব শিশুসকলক শিশুগৃহত থকাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ খা-খৰচ আৰু শিক্ষা ব্যয় বহন কৰা হ’ব।

অনাথ কিশোৰীৰ বাবে বিশেষ ব্যৱস্থা

কোভিডৰ বাবে অনাথ হৈ পৰা কিশোৰীসকলৰ যথোপযুক্ত যত্ন আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে তেওঁলোকক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ দৰে আৱাসিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা হ’ব।

অনাথ যুৱতীৰ বিবাহত সহায়

বিবাহোপযোগী অনাথ যুৱতীসকলৰ বিবাহৰ ক্ষেত্ৰত এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা। এনে যুৱতীসকলক অৰুন্ধতী আঁচনিৰ এতোলা সোণৰ সৈতে ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

কৌশল বিকাশ আৰু প্ৰশিক্ষণ

স্কুল, কলেজত পঢ়ি থকা অনাথ শিক্ষাৰ্থী আৰু বৃত্তিগত শিক্ষা লৈ থকা অনাথ প্ৰশিক্ষাৰ্থীক

লেপটপ বা টেবলেট প্ৰদান কৰা হ’ব। এনে শিক্ষাৰ্থীসকলৰ কৌশল বিকাশৰ প্ৰশিক্ষণত গুৰত্ব দিয়া হ’ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে কোভিডকালীন জটিল পৰিস্থিতিলৈ চাই ঘোষণা কৰা এই মানৱীয় আঁচনিয়ে নিশ্চিতভাৱে ক’ৰোনাৰ বাবে অনাথ হোৱা শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীক উপকৃত কৰিব।

Leave A Reply