অসম হাইস্কুল শিক্ষক সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা

অসম হাইস্কুল শিক্ষক সন্থাৰ এটি সঁজাতি দলৰ সৈতে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় ভৱনত অনুস্থিত এই আলোচনাত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাও উপস্থিত আছিল ৷ অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী, সম্পাদক আনোৱাৰ হুছেইন,খগেন কলিতা, ফূলেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰা আলোচনাত অসম শৈক্ষিক ক্ষেত্ৰত থকা সমস্যা সম্পৰ্কে আলোচনা কৰে। বিশেষকৈ ২০০৬ চনৰ আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ বিষয় আৰু খালী শিক্ষক পদত নিযুক্তি, শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটী বছৰেকত ১০ দিনৰ পৰিবৰ্তে ৩০ দিনলৈ বৃদ্ধি, হাইস্কুলৰ শিক্ষককে লাভ কৰা তিনিশ টকাৰ বিশেষ ভাট্টা মুল দৰমহাৰ লগত যোগ কৰাকে প্ৰমুখ্য কৰি কেইবাটাও বিষয় আলোচনাত স্থান পায় বুলি সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী আৰু সম্পাদক আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে। এক সৌহাদ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত এই আলোচনাৰ অন্তত বিষয়সমূহৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰী গৰাকীয়ে অসম হাইস্কুল শিক্ষক সন্থাৰ লগত আলোচনা কৰি অতি শীঘ্ৰে সমস্যা সমূহ সমাধান কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুক পৰামৰ্শ দিয়ে ৷ এই আলোচনাত শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া সকলো উপস্থিত থাকে ৷

Related Articles