কলাক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়া,ADCৰসন্মিলনত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। ৰাজহ চক্ৰ বিষয়াসকলক মাটিৰ ফাইল পৰি থকাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। পৰি থকা ফাইলসমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ৰাজহ চক্ৰ বিষয়াসকলক দালালিৰাজ বন্ধ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কামৰ বিনিময়ত কোনো লোকে ধন ল’ব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি। সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাবলৈ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ।