বীৰ লাচিত বৰফুকনৰ মৈদামৰ প্ৰকল্পৰ বাবে ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

যোৰহাট জিলাৰ বৰ্তমানৰ হোলোঙাপাৰ মৌজাৰ অন্তৰ্গত গোহাঁইগাঁৱত মহান বীৰগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মৈদামৰ প্ৰকল্পৰ বাবে ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমী আই বীৰপুত্ৰ লাচিত বৰফুকনৰ প্ৰতি সন্মানৰ চিন স্বৰূপে চৰকাৰে তেখেতৰ ৪০০সংখ্যক জয়ন্তীত বীৰ লাচিত বৰফুকনৰ মৈদামৰ উন্নয়নৰ বাবে ১৪৯.৮৩ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া এই মৈদাম উন্নয়ন প্ৰকল্পৰ বাবে বৰ্তমানৰ ভূমিৰ লগত সংযোজন কৰিবলৈ চৰকাৰে প্ৰায় ৪২ বিঘা ভূমি অধিগ্ৰহণ কৰিছে।

এই প্ৰকল্পৰ অংশ হিচাপে মৈদামত সংগ্ৰহালয়, প্ৰেক্ষাগৃহ, আৱাসিক খেলপথাৰ, পথ আৰু অন্যান্য সুবিধাৰ লগতে বীৰগৰাকীৰ ১২৫ ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ’ব। ইয়াৰ উপৰি মূল লাচিত মৈদামৰ গাতে লাগি থকা লাচিত বৰফুকনৰ দেশপ্ৰেমীক সংগীসকলৰ মৈদামসমূহো অসম চৰকাৰে সংৰক্ষণ কৰিব। এই ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ধন্য হ’লো বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰীকা, কেশৱ মহন্ত, বিমল বড়াৰ লগতে কেইবাগৰাকীও সাংসদ আৰু বিধায়কে।

Related Articles