Breaking

বিহদিয়া জাজিকোণাত অমৃত কলহ যাত্ৰাত মুখ্যমন্ত্ৰী শৰ্মা

0 53

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিহদিয়া জাজিকোণাত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত গাঁও পঞ্চায়তৰ পৰা শোভাযাত্ৰা কৰি মুঠ ১২ টা অমৃত কলহ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়লৈ যথোচিত মৰ্যাদা সহকাৰে লৈ যোৱা হয়।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ চোতালৰ পৰা মাটি অমৃত কলহত সংগ্ৰহ কৰি গাঁও পঞ্চায়ত নতুবা পৌৰ কাৰ্যালয়ত একত্ৰিত কৰা হৈছে। বিহদিয়া¸ জাজিকোণা উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা মাটিখিনি উন্নয়ন খণ্ডত সংমিশ্ৰণ কৰি দুটা কলহত সংস্থাপিত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অৱশিষ্ট মাটিখিনি চৰকাৰে যেতিয়া উন্নয়ন খণ্ডটোত নতুন আঁচনি গ্ৰহণ কৰিব তাত ব্যৱহাৰ কৰা হ’ব। তেওঁ লগতে কয় যে নিৰ্বাচিত যুৱকৰ দ্বাৰা অহা ২৬ অক্টোবৰ তাৰিখে কলহ দুটা গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব আৰু ২৭ অক্টোবৰ তাৰিখে ইয়াৰে এটা কলহ নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। ভাষণ প্ৰসংগত ড০ শৰ্মাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে ভাৰত-চীন, ভাৰত-পাকিস্তান, কাৰ্গিল আদি যুদ্ধত যিসকল বীৰ সেনানীয়ে দেশৰ হকে প্ৰাণাহুতি দিলে তেওঁলোকৰ পৱিত্ৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া অমৃত উদ্যানত এই মাটি ব্যৱহাৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই পৰিকল্পনাৰ আধাৰতে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা সৰ্বমুঠ ৭,৫০০ কলহত লৈ যোৱা মাটিৰে অমৃত বাটিকা নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। তেওঁ লগতে কয় যে অসমত যিকেইটা অৱশিষ্ট কলহ থাকিব সেই কলহৰ মাটি ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কনকলতা বৰুৱা জন্ম শতবাৰ্ষিকী উপলক্ষে তেখেতৰ স্মৃতিত গহপুৰত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ’ব।

তেওঁ কয় যে অসমৰ প্ৰায় ৮০ লাখ পৰিয়ালে মাটি মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত দিল্লীৰ অমৃত বাটিকাৰ উপৰি গহপুৰত নিৰ্মাণ হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে এই পৱিত্ৰ মাটি দান কৰিছে আৰু এই কথাটো এই পৰিয়ালসমূহে সদায় গৌৰৱৰে স্মৰণ কৰি থাকিব পাৰিব। ভাৰতবৰ্ষত পূৰ্বতে এনেদৰে প্ৰতিটো পৰিয়ালৰ পৰা মাটি সংগ্ৰহ কৰি কোনো কাৰ্য সম্পাদিত হোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ অসমত স্থাপন হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয় অথবা দিল্লীৰ অমৃত উদ্যানত যিসকলৰ লোকে মাটি দান কৰিলে তেওঁলোকে কেতিয়াবা তালৈ গ’লে তাত তেওঁলোকে নিজৰ গাঁৱখন, নিজৰ ৰাজ্যখনৰ প্ৰতিচ্ছৱি দেখা পাব বুলি উল্লেখ কৰে। অমৃত কলহ যাত্ৰালৈ জনসাধাৰণে ব্যাপক উৎসাহ উদ্দীপনাৰে সহযোগিতা আগবঢ়াইছে বুলি মন্তব্য কৰি তেওঁ কয় যে যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীলৈ জনসাধাৰণে যিদৰে পৱিত্ৰ মনেৰে মাটি আগবঢ়ালে সিয়ে প্ৰমাণ কৰে যে ৰাজ্যখনৰ জনসাধাৰণে নতুন, মংগলময় আৰু পৱিত্ৰ অসমৰ কথা চিন্তা কৰে।


ভাষণ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ উন্নয়নৰ দ্বাৰাহে ৰাজ্য তথা দেশখন আগুৱাই লৈ যোৱা সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে য’ত সকলো দুখীয়া-দৰিদ্ৰ লোকে অলপ হ’লেও সহায় আৰু সকাহ লাভ কৰি জীৱনৰ বাটত আগুৱাই যাব পাৰে। তেওঁ কয় যে এতিয়ালৈকে যিসমূহ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰা নাই সেই পৰিয়ালসমূহক ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে। এই ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালসমূহে চাউলৰ উপৰিও বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয়ৰ আঁচনিখন অনুসৰণ কৰি এতিয়া ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যৰ চৰকাৰসমূহেও অনুৰূপ ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। বৰ্তমানলৈকে ১৯ লাখ মহিলাক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চলিত মাহতে ৭ লাখ আৰু পৰৱৰ্তী সময়ত ৮ লাখ হিতাধিকাৰীক এই আঁচনিৰে সামৰি লোৱা হ’ব। ইয়াৰ ফলত ৰাজ্যখনৰ ৬২ লাখ পৰিয়ালৰ ভিতৰত ৩৫ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ড০ শৰ্মাই লগতে সদৰি কৰে যে মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ গ্ৰহণ কৰা ৰাজ্যখনৰ মহিলা সকলক ঋণমুক্ত কৰাৰ লক্ষ্যৰে যিসকল মহিলাই ২৫ হাজাৰ টকালৈ ঋণ আছিল তেওঁলোকে ঋণ পৰিশোধ কৰাৰ এন অ’ চি দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে ভৱিষ্যতে এই মহিলাসকলে ঋণ ল’ব পাৰে। তদুপৰি যিসকল মহিলাৰ ৫০ হাজাৰ টকালৈকে ঋণ পৰিশোধ কৰিবলগীয়া আছে তেওঁলোকৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলিও তেওঁ কয়।

তেওঁ লগতে মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক নিজৰ নিজৰ ক্ষুদ্ৰ ব্যৱসায়, উদ্যোগ আদি স্থাপনৰ বাবে ১০ হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰি কয় যে সমাগত দুৰ্গা পূজাৰ পিছতে এই সম্বন্ধীয় যাৱতীয় পদক্ষেপ ৰাজ্য চৰকাৰে আৰম্ভ কৰিব। বৰ্তমানলৈ ৰাজ্যখনত মেধাৰ ভিত্তিত ৯০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে আৰক্ষী বিভাগত ৬ হাজাৰ পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু অতিশীঘ্ৰে আন আন বিভাগৰ ১৫ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’ব খোজা যুৱক-যুৱতীৰ পৰা ৰাজ্য চৰকাৰে বৰ্তমানলৈকে ২ লাখ ২০ হাজাৰ আৱেদন লাভ কৰিছে বুলিও তেওঁ সদৰি কৰে। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ হকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক পৰিৱেশ আৰম্ভ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে অতি সোনকালে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ চাইকেল প্ৰদান কৰিব। তদুপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক চলিত বৰ্ষৰ ভিতৰত স্কুটী দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নয়নৰ হকে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি দেশৰ ৫ খন আগশাৰীৰ ৰাজ্য ভিতৰত অসমক এখন হিচাপে গঢ়ি তুলিবলৈ বুলি ৰাইজৰ সহায় সহযোগিতা বিচাৰে।


আজিৰ এই অনুষ্ঠানৰ পিছত মুখ্যমন্ত্ৰীয়ে বিহদিয়া জাজিকোণা উন্নয়ন খণ্ডৰ চৌহদত এম এনৰেগা আঁচনিৰ অধীনত প্ৰায় ২৩ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী ভৱন এটা উদ্বোধন কৰে।
আজিৰ এই অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা , সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লী প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply