Breaking

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব সৰুসজাই ক’ভিড চিকিৎসালয়

0 1,540

বৃহস্পতিবাৰে পুৱা ৮বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব অত্যাধুনিক ক’ভিড চিকিৎসালয়৷ ডিআৰডিঅ’-ই মাত্ৰ ২০ দিনত প্ৰস্তুত কৰি উলিওৱা সৰুসজাইৰ অত্যাধুনিক ক’ভিড চিকিৎসালয়খন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে৷

নতুন ক’ভিড চিকিৎসালয়খনৰ বাবে নতুন চিকিৎসাকৰ্মী, তথা উন্নত চিকিৎসা সামগ্ৰী আদিৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ পাইছে৷ এই চিকিৎসালয়খনত ৩০০খন বিছনা থকাৰ উপৰি ২০০খন আইচিইউ বিছনাৰো ব্যৱস্থা থাকিব৷
ডিআৰডিঅ’-ই নির্মাণ কৰা ৩০০বিছনাযুক্ত সৰুসজাইৰ ক’ভিড চিকিৎসালয় মুকলি কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে জিএমচিএইচৰ অধ্যক্ষৰ লগতে সকলো আন কৰ্মীসকলে। চিকিৎসালয়খনত ৬০গৰাকী প’ষ্ট এমবিবিএছ চিকিৎসকক নিয়োগ কৰাৰ লগতে ২২গৰাকী জিএমচিএইচৰ ষ্টাফ নাৰ্চ, ১৮গৰাকী ক’ভিড আইচিইউৰ বিশেষ নাৰ্চকে ধৰি ক’ভিড পৰিস্থিতিক সম্পৰ্কত অভিজ্ঞতা থকা অধীক্ষক নিয়োগ কৰা হ’ব সৰুসজাই এই বিশেষ চিকিৎসালয়ত।লগতে থাকিব পেৰামেডিকেল ষ্টাফ আৰু অন্যান্য সকলো কৰ্মী তথা সহায়ক। ইতিমধ্যেই আইচিইউৰ বিছনাসমূহৰ মনিটৰ, ভেণ্টিলেটৰকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আৰু আন অত্যাৱশ্যকীয় সকলো মেচিন আহি পাইছে।

Leave A Reply