উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হোলীৰ সময়ত ধৰ্মীয় স্থানত লাউডস্পীকাৰ আৰু ডিজেৰ উচ্চ শব্দ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ আৰু নাগৰিকক শান্তি প্ৰদানৰ বাবে বহু জিলাৰ লাউডস্পীকাৰ আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হোলীৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যৰ আইন-শৃংখলা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি ধৰ্মীয় স্থানত লাউডস্পীকাৰ ব্যৱহাৰৰ নিৰ্দেশনা দিয়ে। ধৰ্মীয় স্থানৰ পৰা অহা লাউডস্পীকাৰৰ শব্দ নিয়ন্ত্ৰণৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। (CM Yogi Adityanath)
হোলীৰ সময়ত ডাঙৰ ডাঙৰ ডিজে শব্দৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰখাৰ কথাও তেওঁ উল্লেখ কৰে। লক্ষ্ণৌ, মীৰুট, মোৰাদাবাদ, ৰামপুৰ, বাৰাণসী, গোৰখপুৰকে ধৰি ৰাজ্যৰ বহু জিলাত লাউডস্পীকাৰ আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে যোগী চৰকাৰে। শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰি নাগৰিকক শান্তি প্ৰদান কৰা চৰকাৰৰ লক্ষ্য। হোলী আৰু হোলিকা দাহনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে এই সুৰক্ষা ব্যৱস্থা কঠোৰভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে। শোভাযাত্ৰা, ৰাজহুৱা অনুষ্ঠান আৰু ধৰ্মীয় স্থানৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ সমান্তৰালকৈ মহোৎসৱৰ সময়ত যাতে কোনো বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে যান-বাহন আৰু ভিৰ ব্যৱস্থাপনাৰ উন্নত দিশৰ নিৰ্দেশনাও দিয়া হৈছে।