ক’ৰনাত আক্রান্ত হৈ মৃত্যু ঘটা স্বামী হাৰা মহিলা ৰ বাবে অসম চৰকাৰে প্ৰবৰ্তন কৰা ক’ভিড বিধৱা কল্যান আঁচনি ৰ অধীনত ২ লাখ ৫০ হেজাৰ টকাৰ চেক আজি আনুষ্ঠানিক ভাৱে ধুবুৰী ত অভিভাৱক মন্ত্রী ৰঞ্জিত কুমাৰ দাস জিলা উপায়ুক্ত ৰ কাৰ্য্যলয় প্ৰেক্ষাগৃহ ত এক অনুষ্ঠানত ৮ গৰাকী বিধৱা মহিলাক বিতৰণ কৰে। অনুষ্ঠানত জিলা বিজেপি সভাপতি দেবময় সান্যাল, জিলা উপায়ুক্ত অম্বামুথন এম পি, সহ জিলা প্ৰশাসন ৰ বিভিন্ন বিষয়া উপস্থিত থাকে।
ইয়াৰ আগতে মন্ত্রী ৰঞ্জিত কুমাৰ দাস এ ধুবুৰী আবৰ্তিত ভৱনত সুকীয়াকৈ অভিভাৱক কাৰ্য্যলয় ৰ শুভ উদ্বোধন কৰে।
ধুবুৰীত শুভাৰম্ভ মুখ্যমন্ত্রীৰ ক’ভিড বিধৱা কল্যাণ আঁচনি

