আৰক্ষীৰ এনকাউণ্টাৰত নিহত কয়লা মাফিয়া!

আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিছিল কয়লা মাফিয়া।হাইলাকান্দি আৰক্ষীৰ বেহু ফালি পলাল আব্দুল আহাদ লস্কৰ
স্বাস্থ্য পৰীক্ষাৰ বাবে লালাৰ চিকিত্সালয়লৈ নিছিল কয়লা মাফিয়াটোক।অব্যাহত আছে অপৰাধীলৈ অসম আৰক্ষীৰ গুলীচালনা, এইবাৰ এনকাউণ্টাৰত ধৰাশায়ী কয়লা মাফিয়া।নিহত আব্দুল আহাদ চৌধুৰী বৰাক উপত্যকাত চলা অবৈধ কয়লা ব্যবসায়ৰ মূখ্য অভিযুক্ত আছিল।আহাদৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থ‍ানাৰ লগতে প্ৰতিবেশী ৰাজ্য সমূহতো অৰ্ধশতাধিক গোচৰ ৰজু হৈ আছে।ৰাজ্যত পুনৰ সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান হাইলাকান্দি জিলাত। যোৱা নিশা হাইলাকান্দিত আৰক্ষীৰ গুলিত নিহত হৈছে বৰাক উপত্যকাৰ কুখ্যাত কয়ল‍া ব্যবসায়ী আব্দুল আহাদ চৌধুৰী । নিশা আনুমানিক ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সিমান্তত থক‍া লক্ষ্মীনগৰ এলেকাত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। পিছতে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ আহে। বৰ্তমানে মৃতদেহটো হাস্পতালৰ মৰ্গত আছে ।উল্লেখ্য যে শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে ব্যবসায়ী আব্দুল আহাদক । যোৱা ১০ এপ্ৰিলত হাইলাকান্দি জিল‍াৰ লালা আৰক্ষী চকীৰ অধীনৰ গাগলাছেড়া এলেকাৰ পৰা ভুৱা নথিৰ সৈতে এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল। আৰু এই ঘটনাৰ আঁত ধৰি শনিবাৰ পুৱতি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্দুল আহাদক।আৰক্ষী দিয়া তথ্য অনুসৰি, ধৃত আব্দুল আহাদক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়াৰ সময়ত কৌশলেৰে পল‍ায়ন কৰে আহাদে ।

কৰিমগঞ্জ জিলালৈ পলাই যোৱাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে আহাদক বাধা দিবলৈ চেষ্টা কৰে। কিন্তু আহাদে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰাত প্ৰত্যুত্তৰত চলোৱা আৰক্ষীৰ গুলীত মৃত্যু হয় কয়ল‍া ব্যবসায়ী আব্দুল আহাদৰ ।নিহত আব্দুল আহাদ চৌধুৰী বৰাক উপত্যকাত চলা অবৈধ কয়লা ব্যবসায়ৰ মূখ্য অভিযুক্ত আছিল । আহাদৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থ‍ানাৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহতো অৰ্ধশতাধিক গোচৰ ৰজু হৈ আছে ।

Related Articles