Breaking

আগন্তুক তিনিদিনলৈ অব্যাহত থাকিব ঠাণ্ডা…

0 15

বুধবাৰে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, ৰাজধানীকে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও স্থানত অব্যাহত থাকিব ঠাণ্ডা। আজিৰ দিনটোতো পুৱাৰে পৰা ঘন কুঁৱলীৰে আৱৰি ধৰিছে দিল্লী।

আগন্তুক কেইদিনমানৰ বাবে বতৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। ২৭ জানুৱাৰী পৰ্যন্ত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ প্ৰদেশৰ ওপৰত কেইবাটাও স্থানত পুৱা আৰু ৰাতিৰ সময়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ সৃষ্টি হ’ব পাৰে।

উত্তৰ ভাৰতৰ বাহিৰেও উত্তৰ-পূব ভাৰতৰ আন আন ৰাজ্যতো কুঁৱলীৰ সতৰ্কতা। বিশেষকৈ ৰাতিপুৱা বিহাৰৰ বিস্তৃত অঞ্চল কেইবা ঘণ্টা ধৰি ঘন কুঁৱলীৰে আৱৰি থাকিব। অন্ততঃ অহা তিনিদিনলৈ এনে বতৰৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।


Leave A Reply