Breaking

“মেৰা পেহলা ভোট দেশ কে লিয়ে” অভিযানত অংশগ্ৰহণ কৰিলে অসমৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে…

0 27

নিৰ্বাচনৰ সময়ত যুৱ প্ৰজন্মৰ সাৰ্বজনীন প্ৰবুদ্ধ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত “মেৰা পেহলা ভোট দেশ কে লিয়ে” শীৰ্ষক অভিযানৰ আয়োজন কৰিছে।এই অভিযানৰ অংশ হিচাপে অসমৰ বিভিন্ন মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ ‘আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়’ৰ শিক্ষাৰ্থীসকলে সক্ৰিয় ভাৱে এই প্ৰচাৰ অভযানত অংশগ্ৰহণ কৰে আৰু ভোটদানৰ বাবে সংকল্প গ্ৰহণ কৰে।

একে ধৰণে ‘ইলেক্ট্ৰৰেল লিটাৰেচী ক্লাব’, লক্ষীপুৰ মহাবিদ্যালয়, গোৱালপাৰাই ইয়াৰ ‘এনএছএছ ইউনিট’ৰ সহযোগত এখন কৰ্মশালাৰ আয়োজন কৰিছিল, য’ত শিক্ষাৰ্থীসকলক ‘ভোটাৰ পঞ্জীয়ন’ৰ অনলাইন প্ৰক্ৰিয়া আৰু https://electoralsearch.eci.gov.in/ ‘ভোটাৰ তালিকা’ত তেওঁলোকৰ নাম পৰীক্ষা কৰাৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা দাঙি ধৰা হয়। একেদৰে, নগাঁৱৰ কটহগুৰি মহাবিদ্যালয়ে ভোটাৰ সজাগতা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ বাবে এখন কৰ্মশালাৰ আয়োজন কৰে।‘মেৰা পেহলা ভোট– দেশ কে লিয়ে প্ৰচাৰ অভযান’ৰ লক্ষ্য হৈছে নিৰ্বাচনত নতুন আৰু যুৱ ভোটাৰসকলক অংশগ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত সজাগ কৰি তোলা। যুৱ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ লগতে ‘মেৰা পেহলা ভোট– দেশ কে লিয়ে অভিযান’ৰ লক্ষ্য হৈছে এক প্ৰতিযোগিতামূলক, অথচ সহযোগিতামূলক পৰিৱেশ গঢ়ি তোলা য’ত যুৱক-যুৱতীসকলে বিভিন্ন সৃষ্টিশীল প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ দেশৰ ভৱিষ্যতৰ কল্পনা কৰিব পাৰে।

Leave A Reply