আজি ভাৰত চৰকাৰৰ অন্তৰ্গত নেহৰু যুৱ কেন্দ্ৰ, ওদালগুৰিৰ উদ্যোগত ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত স্বচ্ছতা অভিযান আৰু শ্ৰম দান কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠান এটা অনুষ্ঠিত হৈ যায়।নেহৰু যুৱ কেন্দ্ৰ, ওদালগুৰিৰ ডেপুটি ডিৰেক্টৰ শেখৰ দেৱে ছাত্ৰী সকলৰ মাজত স্বচ্ছতা অভিযান সম্পৰ্কে সজাগতা মূলক বক্তব্যত নিজৰ বিদ্যালয় খনৰ লগতে ঘৰখন, সমাজ খন পৰিষ্কাৰকৈ ৰাখিবলৈ আহ্বান জনায়। সভাখন পৰিচালনা কৰে বিদ্যালয় খনৰ বিষয় শিক্ষক তথা বিশিষ্ট সমাজসেৱক ৰেৱতী ৰমন চাপকোতাই। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰতবৰ্ষক গঢ় দিবলৈ সকলোকে অনুপ্ৰাণিত কৰে।

অনুষ্ঠান খনত শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰী সকলক স্বচ্ছতাৰ শপত বাক্য পাঠ কৰোৱায় হয়।অনুষ্ঠানটোত প্ৰধান শিক্ষক দিলীপ চহৰীয়া, শিক্ষক ৰঞ্জূ শৰ্মাৰ লগতে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।অনুষ্ঠানতৰ শেষত সকলোৱে মিলি বিদ্যালয় প্ৰাংগনখন চাফ চিকুন কৰাৰ লগতে অনুষ্ঠানটো পৰিচালনা কৰাত বিশেষ ভাৱে সহায় কৰে ভাৰতীয় ৰেড ক্ৰছ ছছাইটি ওদালগুৰি জিলা শাখাৰ সম্পাদক মিলন দাসে জনায় যে এই অভিযান ওদালগুৰিৰ বিভিন্ন বিদ্যালয় তথা ৰাজহুৱা স্থানত নিয়মীয়াকৈ চলি থাকিব।
টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন