ৰঙিয়াৰ এখন বিপনীৰ প্ৰশংসনীয় পদক্ষেপ…

ৰঙিয়াৰ এখন বিপনীৰ প্ৰশংসনীয় পদক্ষেপ । ৰঙিয়া টাউনৰ মাজমজিয়াত থকা Sure-Shot Mobile Service নামৰ বিপনীখনৰ পদক্ষেপক শলাগ লৈছে ৰঙিয়াবাসীয়ে ।

বিনামূলীয়াকৈ মোবাইল ক’ভাৰ বিতৰণ কৰিছে বিপনী খনে তাৰ বিনিময়ত কেৱল মাত্ৰ ১০ টকা ।

কিন্তু ১০ টকা এনে‌ই লোৱা নাই এই দহ টকা লোৱাৰ আঁৰত আছে এটি মহৎ উদ্দেশ্য সেয়া হ’ল দৰিদ্ৰ শিশুৰ শিক্ষাৰ বাবে ।

বিনামূলীয়াকৈ মোবাইল ক’ভাৰ বিতৰণ কৰা যিমান টকা জমা হ’ব সেইয়া বিপনী খনৰ স্বত্বাধিকাৰী ৰাতুল হুছেইনে দৰিদ্ৰ শিশুৰ শিক্ষাৰ বাবে খৰছ কৰিব । তেওঁৰ এই প্ৰশংসনীয় পদক্ষেপ আন বহু বিপনীৰ বাবে অনুপ্ৰেৰণা হ’ব

Related Articles