Breaking

পাৰিষদ দীপক মৌৰ আৰু স্থানীয় প্ৰসাশনৰ প্ৰশংসনীয় পদক্ষেপ

0 48

পাৰিষদ দীপক মৌৰ আৰু স্থানীয় প্ৰসাশনৰ প্ৰশংসনীয় পদক্ষেপ। দুৰ্ঘটনা ৰোধৰ বাবে পথত বহুৱালে গতিৰোধক।ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ আৰু মাজবাটৰ স্থানীয় প্ৰসাশনৰ প্ৰচেষ্টাত নগৰখনৰ বহু ঠাইত দুৰ্ঘটনা ৰোধৰ বাবে গতিৰোধক বহুৱাই। মাজবাট অঞ্চলত সঘনাই সংঘটিত হৈ অহা মটৰ বাইক আৰু চাৰিচকীয়া বাহনৰ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে প্ৰায় এসপ্তাহৰ ভিতৰতে মাজবাট নগৰখনৰ নিকটৱৰ্তী এলেকা তথা ওৰাং -মাজবাট ৰূপা পথত তিনিটাকৈ শোকাৱহ দুৰ্ঘটনাত চাৰিজন যুৱক আৰু এজন যুৱতী মৃত্যু মুখত পৰিছে।

সঘনাই হৈ অহা এনে দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি পাৰিষদ দীপক মৌৰ, মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল ডেকা আৰু মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজিৱ গোঁহাইৰ উপস্থিতিত মাজবাট নগৰখনৰ কেইবা ঠাইতো পথত গতিৰোধক বহুৱা হয়। আনহাতে স্থানীয় প্ৰসাশনে সকলো বাহন চালকক নগৰ খনৰ মাজেৰে পাৰ হোৱাৰ সময়ত গাড়ী সমূহ ধীৰ গতিৰে চলাবলৈ আহ্বান জনোৱাৰ লগতে বাইক আৰোহী সকলক হেলমেট পৰিধান কৰিহে বাইক চলাবলৈ আহ্বান জনায়।

Leave A Reply