ক’ৰোনা মহামাৰীৰ লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰী সকলৰ স্কুল কলেজ বন্ধ হোৱাত ছাত্ৰ-ছাত্ৰী সকলে ঘৰতে বহি থাকিব লগিয়া হৈছে।তেনেহেন সময়তে ডিমাকুছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা, চমুকৈ ABSU য়ে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা সম্পৰ্কে অধিক সচেতন আৰু উৎসাহিত কৰিবলৈ ডিমাকুছি আৱাস্থা প্ৰেক্ষাগৃহত আজি সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুসৰণ কৰি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক একগোট কৰি motivational কাৰ্যসূচী অনুস্থিত কৰে.উক্ত অনুষ্ঠানট উপস্থিত থাকে ক্ৰমেওদালগুৰি জিলা সাধাৰণ সম্পাদ নিজোমছা বড়ো,ডিমাকুছি আঞ্চলিক এবছুৰ সভাপতি মনোজ বসুমতাৰিলগতে উপস্থিত থাকে এম বি বি এছ ডঃ আদিটি বড়ো,বঙাইগাওঁ কলেজৰ সহকাৰী অধ্যাপক ডঃ দৈথোন বড়োসহ ডিমাকুছি এবছুৰ সমূহ কৰ্মকৰ্তাৰ লগতে এন আই টি ৰাইপুৰৰ B.tech ৰনচাই বড়ো উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা সম্পৰ্কে আৰু আত্মনিৰ্ভৰশীল হবলৈ কেনেদৰে শিক্ষা আহৰণ কৰা উচিত সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।


