Breaking

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ অসমীয়া বিষয় থকা শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ…

0 57

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ অসমীয়া বিষয় থকা শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ; মেধাৱী শিক্ষাৰ্থীৰ বাবে শিক্ষামূলক ভ্ৰমণ চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি – ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । ইফালে অবিভক্ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ১৯৫৬ চনতে অঞ্চলটোৰ মধ্যস্থান হিচাপে পৰিচিত পুৰাণগাওঁত স্থাপন কৰিছিল অসমীয়া মাধ্যমৰ বিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ মজলীয়া বিদ্যালয় । পৰবৰ্তী সময়ত ১৯৭২ – ৭৩ চনত সুকীয়াকৈ মেঘালয় ৰাজ্য গঠন হোৱাৰ পাছতো ২০০৭ চনলৈ বিদ্যালয়খন অসমীয়া মাধ্যম হিচাপে চলি আছিল।

পৰৱৰ্তী সময়ত পৰিস্থিতিৰ বাধ্যবাধকতাত মাধ্যম সলনি হলেও বিদ্যালয়খন পৰৱৰ্তী সময়ত উচ্চ মাধ্যমিকলৈ উন্নীতকৰণ হৈ অসমীয়া বিষয়টো এম আই এল বিষয় হিচাপে চলি আছে। বিদ্যালয়খনৰ নামটো শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল হিচাপে নতুনকৈ নামকৰণ কৰা হয় আৰু বৰ্তমান প্ৰায় চাৰিশজন ছাত্ৰ- ছাত্ৰীয়ে তাত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে অধ্যয়ন কৰি আহিছে। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মনীন ৰাজাই জানিবলৈ দিয়া মতে প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ অধ্যয়নৰত শিক্ষাৰ্থী সকলক উৎসাহিত কৰা বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে। সেই অনুসৰি চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল শিক্ষাৰ্থী প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁলোকৰ বাবে শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰি দেশৰ ৰাজধানী চহৰ দিল্লীকে ধৰি দাঁতি কাষৰীয়া ঐতিহাসিক স্থান সমুহলৈ লৈ যোৱা হৈছিল। এইবেলি বিদ্যালয়খনৰ পৰা এজন ছাত্ৰসহ পাঁচজন শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল। বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী সকল হল ক্ৰমে – আলিছা চহতডাং , জুলিন ক্ৰ, ৰুমিনা ইংতি , সুজাতা মাজং আৰু চৌহান ৰাজা । বিদ্যালয়ৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এই পাঁচজন মেধাৱী শিক্ষাৰ্থীক ১৮ নৱেম্বৰত শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ পৰা ৰেলযোগে নতুন দিল্লীলৈ লৈ যোৱা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মনীন ৰাজাই জানিবলৈ দিয়া মতে তেঁও নিজাববীয়াকৈ গ্ৰহণ কৰা এই শিক্ষামূলক ভ্ৰমণসূচীত বিদ্যালয়খনৰ তিনিজন শিক্ষক – শিক্ষয়ত্ৰী ক্ৰমে – চাৰিনা ৰহাং , মাজু চিয়েম আৰু বেঞ্জহন চিয়েমো গৈছিল ।

নতুন দিল্লীত পাঁচদিন থকা কালত তেঁওলোকৰ মুঠ নজনীয়া দলটোৱে মেঘালয় হাউছত অাছিল আৰু এইক্ষেত্ৰত ৰিভয় জিলাৰ উপায়ুক্ত অৰ্পিত উপাধ্যায়ে সকলো ধৰণৰ ব্যৱস্থা কৰি দিছিল। দিল্লীত থকা সময়ছোৱাত তাত সহায় কৰিছিল মেঘালয় হাউছৰ সহকাৰী আয়ুক্ত গৰাকীয়ে । ২০ নবেম্বৰৰ পৰা ২৩ নবেম্বৰলৈ শিক্ষাৰ্থীৰ দলটোক ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গেট, লালকিল্লা, কুতুবমিনাৰ, সংসদ ভৱন, কৰ্তব্য পথ , ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰ , লটাচ টেম্পল , জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটকে ৰাজধানী চহৰ দিল্লীৰ সকলো ঐতিহাসিক স্থান, কাষৰীয়া উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজমহল , আগ্ৰা দুৰ্গকে ধৰি তাৰ ইতিহাসপ্ৰসিদ্ধ স্থান সমূহলৈ লৈ যোৱা হয়। ভ্ৰমণ সামৰি ২৪ নবেম্বৰত পুনৰ নতুন দিল্লীৰ পৰা ৰেলযোগে গুৱাহাটী হৈ নংপোৰ মাৰাঙলৈ ২৬ নবেম্বৰত উভতি অহা হয়। মনীন ৰাজাই জানিবলৈ দিয়া মতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীয়ে বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থী সকলক আগন্তক দিনত পঢ়াৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কিয়নো আৰ্থিককে ধৰি বিভিন্ন কাৰণৰ বাবে সেই অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ বেছিভাগ শিক্ষাৰ্থীয়ে নিজৰ অঞ্চলটোৰ বা ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলঙৰ বাহিৰে বেলেগ ঠাইলৈ যাবলৈ সুযোগ সাধাৰণতে নাপায়। তাতে অন্তত অসমীয়া বিষয় থকা এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সামগ্ৰিকভাৱে বিনামূলীয়াকৈ দেশৰ ৰাজধানী চহৰ দিল্লী ভ্ৰমণ কৰাটো এক ইতিবাচক দিশ হিচাপে পৰিগণিত হব বুলি আশা কৰা হৈছে।

Leave A Reply