Breaking

সমগ্ৰ শিক্ষা কামৰূপ জিলাৰ অধীনত হাজো শিক্ষাখণ্ডৰ উদ্যোগত সামূহিক উৎসৱ পালন

0 71

সমগ্ৰ শিক্ষা কামৰূপ জিলাৰ অধীনত হাজো শিক্ষাখণ্ডৰ উদ্যোগত দলৈতোলা সমল কেন্দ্ৰৰ সহযোগত কলিতাকুছিস্থিত চি ডি বড়োপাৰা এম ই স্কুলত দিনযোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ অনুষ্ঠিত কৰা হয়।

সেই অনুসৰি পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, বিশাল সাংস্কৃতিক শোভাযাত্ৰা,মুকলি সভা ,প্ৰদৰ্শনী গৃহ ” শিপা” উন্মোচন আদি বৰ্নাঢ্য কাৰ্যসূচী সম্পণ্ণ কৰা হয়।

সভাত ছাত্ৰছাত্ৰীৰ শৈক্ষিক উত্তৰনৰ দিশত গঠনমূলক আলোকপাত কৰা হ’য়। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে আন্তঃবিদ্যালয় ভিত্তিক দলীয় নৃত্য প্ৰতিযোগিতা ,বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।

প্ৰতিযোগিতাত অঞ্চলটোৰ দহখনকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত দলৈতোলা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কল্পনা হালৈ, শিয়ালমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক পৰশজ্যোতি বৰ্মন,দলৈতোলা চৌকত আলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আমানুৰ ৰহমান(ৰিপন),নতুন ৰামদিয়া এল পি স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী ৰফিয়া বেগম প্ৰমূখ্যে অঞ্চলটোৰ প্ৰায় শতাধিক লোক,শিক্ষক শিক্ষয়িত্ৰী ও ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Leave A Reply