বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলৰ সামৰ্থ বিকাশ আৰু শৈক্ষিক তথা কেৰিয়াৰ কাউন্সিলৰ ওপৰত তিনিদিনীয়াকৈ এটি প্ৰশিক্ষণ অন্তিম স্তৰত বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ত সফলভাৱে সমাপ্ত হৈ যায়। প্ৰশিক্ষণটো উদ্বোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) লখিমী দত্তই। বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা মৃনাল চৌধুৰী, ড° সুস্মিতা চৌধুৰী ৰ লগতে অন্যান্য DIET বৰপেটাৰ প্রবক্তা সকল, নীতি আয়োগৰ বিভিন্ন ব্যক্তিৰ লগতে বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাস অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্হিত থাকে ৷ অনুষ্ঠানটো আঁত ধৰে সমগ্র শিক্ষা বৰপেটাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাসে।

প্রশিক্ষণটোত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে কেনেকৈ নিজৰ ভৱিষ্যত আগবঢ়াই নিব, শৈক্ষিক ক্ষেত্ৰত কেনেকৈ শিক্ষয়িত্ৰী সকল আগবঢ়িব আৰু অভিৰোচন, মূল্যায়ন, পাঠ পৰিকল্পনাৰ ওপৰত কিদৰে আলোকপাত কৰিব তাৰ ওপৰত সমল ব্যক্তি সকলে বিশদ বাখ্যা আগবঢ়ায় ৷ সমৰণি অনুষ্ঠানত সমগ্ৰ শিক্ষা, বৰপেটাৰ জিলা আচঁনি বিষয়া ৰঞ্জন দাসে বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সকলো প্ৰশিক্ষাৰ্থীক জৱহাৰ নবোদয় বিদ্যালয় বা অন্যান্য উন্নত মানদণ্ডৰ বিদ্যালয়ৰ সমকক্ষ হ’বলৈ অনুপ্ৰেৰণা যোগায়। উল্লেখযোগ্য যে এই প্ৰশিক্ষণৰ প্ৰথম লানি প্ৰশিক্ষণ বিভিন্ন বিষয়ৰ ওপৰত ২৮ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ ৩০ নৱেম্বৰলৈ অনুস্হিত হৈ যায় ৷

