Breaking

গুৱাহাটীত প্ৰসিদ্ধ কাৱালী গায়ক ৱাৰচি ব্ৰাডাৰ্চৰ সংগীতানুষ্ঠান।অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ আয়োজন

0 66

ভাৰতৰ সংগীত বৈভবৰ অন্যতম অংগ কাৱালীৰ প্ৰসিদ্ধ শিল্পী ৱাৰচি ব্ৰাডাৰ্চে আজি ১৭ ফেব্ৰুৱাৰিৰ আবেলি চাৰে চাৰি বজাত গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে স্পিক-মেকেৰ সহযোগত আয়োজন কৰা ‘শ্ৰুতি-অম্ৰুত ‘ শীৰ্ষক অনুষ্ঠানত সংগীত পৰিবেশন কৰে৷ বিশ্ববিদ্যালয়ৰ এম্পি থিয়েটাৰত অনুষ্ঠিত এই সংগীতসভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰেও বাহিৰৰ ভালেমান দৰ্শকে অংশগ্ৰহন কৰে৷ এই সংগীতানুষ্ঠানৰ আন এটা আকৰ্ষণ আছিল চিকিমৰ শিল্পীয়ে পৰিবেশন কৰা লোকনৃত্য চিংঘি চাম৷ বিভিন্ন জন্তুৰ মুখা আৰু অবয়ব প্ৰকাশ কৰা পোচাক পিন্ধি কৰা এই নৃত্যই সকলোকে মুগ্ধ কৰে৷ ৱাৰচী ব্ৰাডাৰ্চে বিশ্ববিদ্যালয়খনিৰ পৰিবেশ, আতিথ্য আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াত আনন্দ প্ৰকাশ কৰে আৰু পুণৰ আহিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷


বিশ্ববিদ্যালয়-সংগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপাচাৰ্য ডঃ নাৰায়ণ তালুকদাৰ, প্ৰ’ভিচি ডঃ প্ৰণবীৰ সিং আৰু ডীন অব ষ্টাডিজ বন্দনা দত্তই ৷ বিশ্ববিদ্যালয়ৰ প্ৰো ভাইচ চেন্সেলৰ প্ৰফেচৰ প্ৰণবীৰ সিঙে আদৰণি ভাষণত শিল্পী আৰু দৰ্শকক আদৰণি জনাই আৰু এনে সংগীতসভাৰ শৈক্ষিক প্ৰয়োজনীয়তাৰ কথা চমুকৈ উল্লেখ কৰে৷ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য আৰু উত্তৰপূব ভাৰতৰ বিভিন্ন লোকনৃত্যৰ সংমিশ্ৰণেৰে কৰা নৃত্য এটি পৰিবেশন কৰে ৷‘শ্ৰুতি অম্ৰূত’ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ অনুষ্ঠান হ’ব মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত৷ এই অনুষ্ঠানত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়াই বাঁহী আৰু ওষ্টাড ছহীদ পাৰভেজ খানে চেতাৰ বাদন পৰিবেশন কৰিব ৷

Leave A Reply