Breaking

তামুলপুৰৰ ছাপাতলত এবিএমছুৰ উদ্যোগত তৃতীয় দ্বি-বাৰ্ষিক ছাপাতল শাখা অধিবেশন আৰু বিশেষ সম্বৰ্ধনা সভাৰ সামৰণি

0 1,554

তামুলপুৰ জিলাৰ অন্তৰ্গত ছাপাতলত ১১, ১২ আৰু ১৩ জুলাইত অনুষ্ঠিত হয় এবিএমছুৰ তৃতীয় দ্বি-বাৰ্ষিক ছাপাতল শাখা অধিবেশন আৰু বিশেষ সম্বৰ্ধনা সভা।বুধবাৰে সন্ধিয়া উক্ত সভাখনৰ সফল সামৰণি পৰে।বুধবাৰে সন্ধিয়া শেষৰ কাৰ্যসূচী মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়।উক্ত সভাতে এবিএমছুৰ ছাপাতল শাখা সমিতিৰ পুৰণা সমিতি ভাঙ্গ কৰা হয়।

শ্বফিকুল ইছলামক সভাপতি আৰু তফজ্জুল হুছেইনক সাধাৰণ সম্পাদক হিচাপে নতুনকৈ ৪১ জনীয়া পূৰ্ণাঙ্গ সমিতি এখনো গঠন কৰা হয়।উক্ত সভাতে ছাপাতল অঞ্চলৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মুঠ ৩ ১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

শেষত অধিবেশন খনৰ তিনিও দিনৰ বিভিন্ন প্ৰতিযোগিতাৰ সফল প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰা হয়।

Leave A Reply