বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি

সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰে। অধিৱেশনৰ সামৰণিৰ দিনটোত সদনত গৃহীত কৰা হয় কেইবাখনো বিধেয়ক।

গৃহীত হ’ল দ্য আছাম পাব্লিক এগজামিনেশ্যন বিধেয়ক, দ্য আছাম হিলিং বিধেয়ক, দ্য আছাম ভিলেজ ডিফেন্স অর্গেনাইজেশ্যন বিধেয়ক, দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন ব’র্ড বিধেয়ক, আছাম টুৰিজিম ডেভেলপমেন্ট এগু ৰেজিষ্ট্ৰেশ্যন বিধেয়ক, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভার্চিটী বিধেয়ক, দ্য কোকৰাঝাৰ ইউনিভাৰ্চিটি বিধেয়ক,দ্য অট’নমাছ কাউন্সিল বিধেয়ক, দ্য সোণোৱাল কছাৰী অট’নমাছ কাউন্সিল বিধেয়ক, দ্য তিৱা অট’নমাছ কাউন্সিল বিধেয়ক, দ্য মিচিং অট’নমাছ কাউন্সিল বিধেয়ক, দ্য ৰাভা হাছং অট’নমাছ কাউন্সিল বিধেয়ক, দ্য ঠেঙাল কছাৰী অট’নমাছ কাউন্সিল বিধেয়ক, দ্য আসাম মিউনিচিপাল বিধেয়ক অট’নমাছ কাউন্সিল বিধেয়ক, দ্য ৰাইট টু ফেয়াৰ কমপেনছেশ্যন্ এণ্ড ট্রেন্সপাৰেঞ্চী ইন লেগু ইকুইজেশ্যন, ৰিহেবিলিটেশ্যন্ এণ্ড ৰিচেটেলমেন্ট বিধেয়ক।

দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন ব’র্ড বিধেয়কখন সদনত গৃহীত হোৱাৰ ফলত একত্রীকৰণ হ’ল SEBA, AHSEC। এতিয়াৰে পৰা স্কুল শিক্ষা ব’র্ডে অনুষ্ঠিত কৰিব মেট্ৰিক, HSৰ পৰীক্ষা। এতিয়াৰে পৰা SCERTয়ে প্রস্তুত কৰিব দ্বাদশ শ্রেণী পর্যন্ত পাঠ্যপুথি। NCERT পৰামৰ্শৰ ভিত্তিত যুগুত কৰিব পাঠ্যপুথি। বিদ্যালয় শিক্ষা ব’ৰ্ডৰ অধীনত নাথাকিব শৈক্ষিক দায়িত্ব। পৰীক্ষা অনুষ্ঠিত কৰাই হ’ব বিদ্যালয় শিক্ষা ব’ৰ্ডৰ মূল কাম। শিক্ষা ব’র্ডে প্ৰদান কৰিব প্রমাণ-পত্রও। শিক্ষা ব’ৰ্ডৰ অধ্যক্ষ -উপাধ্যক্ষ বাছনি প্ৰক্ৰিয়া চৰকাৰে সম্পন্ন কৰিব। ৭০ বছৰ অনূর্ধ্ব শিক্ষাবিদ হ’ব পাৰিব ব’ৰ্ডৰ অধ্যক্ষ-উপাধ্যক্ষ।

শ্বহীদ কনকলতা বৰুৱা। ষ্টেট ইউনিভাচিটা বিধেয়কৰ ওপৰতো সদনত আলোচনা। গহপুৰত স্থাপন হ’ব শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভার্চিটি। বিধানসভাত এই তথ্য সদৰী শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ।

Related Articles