Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ত মহাৰজত জয়ন্তীৰ বছৰযোৰা বক্তৃতানুষ্ঠানৰ সামৰণি

0 34

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজে বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজিত কৰি অহা বছৰজোৰা বক্তৃতানুষ্ঠানৰ দ্বাদশ তথা অন্তিম লানি বক্তৃতানুষ্ঠানটো ২৬ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়।

প্ৰয়াত নৃতত্ববিদ ড॰ শঙ্কৰ কুমাৰ ৰয়ৰ সোৱৰণত আয়োজন কৰা অন্তিমলানি বক্তৃতানুষ্ঠানটোৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ সংগীত, অসম সাহিত্য সভাৰ সংগীত বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ শিক্ষক পূৰ্ব্বৰাগ গোস্বামীৰ তত্বাৱধানত বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে। ইয়াৰ পিছতেই প্ৰয়াত ড॰ শঙ্কৰ কুমাৰ ৰয়ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা তৰ্পণ কৰি স্মৃতিচাৰণ কৰে বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ অধ্যাপক ড॰ দ্বীপেন বেজবৰুৱাই।

আদৰণি ভাষণ আগবঢ়ায় প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড॰ সিদ্ধাৰ্থ নয়ন শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি আৰু সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰে ক্ৰমে-বিশিষ্টা সাহিত্যিক পদ্মশ্ৰী ড॰ জয়শ্ৰী গোস্বামী মহন্ত আৰু বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু অধ্যাপক ড॰ যোগেন চন্দ্ৰ কলিতাই।

বিশিষ্ট কবি নিবন্ধকাৰ তথা প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ সভাপতি জিতুমণি শৰ্মাই পৌৰহিত্য কৰা এই সভাত গীত পৰিবেশন কৰে বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ ৰাজনভো শৰ্মা আৰু বাণিজ্য বিভাগৰ ছাত্ৰ বেদান্ত কলিতাই। শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যা ড॰ সেউজী শৰ্মাই।

বছৰজোৰা এই অনুষ্ঠানটোৰ সামৰণি কাৰ্যক্ৰম হিচাপে নাট্য পৰিষদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিবেশিত হয় নৃত্য গীত আবৃত্তিৰ বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যক্ৰমৰ। এই সাংস্কৃতিক কাৰ্যক্ৰমত গীত নৃত্য আবৃত্তি পৰিৱেশন কৰে বন্দিতা ডেকা, নৱকান্ত বৰুৱা,ঋত্বিক ৰূপম শৰ্মা,চয়নিকা বৰা, ড॰ দেবাশীষ শইকীয়া, টেৰিলীনা গগৈ, ড॰ প্ৰাঞ্জল বৰা, চন্দিকা নাথ, অধ্যাপক ভাস্কৰজ্যোতি বৰা আৰু বিশিষ্ট সংগীত শিল্পী নীলিম কাশ্যপে। অসম সঙ্গীতেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।

Leave A Reply