উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অন্তৰ্গত জোকতলি আঞ্চলিক শাখাৰ বাৰ্ষিক অধিবেশনভাগী জোকতলি আঞ্চলিক শাখাৰ উদ্যোগত আৰু বিশ্বজ্যোতি প্ৰাথমিক শাখাৰ আতিথ্যত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি শোণিত গগৈয়ে। পুৱা নাম- প্ৰসংগ, প্ৰসাদ বিতৰণ, দিহানাম আদি কাৰ্যসূচীৰ পিছতে আঞ্চলিকৰ মূল কাৰ্যসূচীৰ লগতে প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অধিৱেশনভাগীত মূলৰ সদস্য যতীন লাহন, নাজিৰা জিলা শাখাৰ সভাপতি দেবেন কোঁৱৰ, জিলা শাখাৰ সম্পাদক কমল গোহাঁই, আঞ্চলিকৰ উপদেষ্টা দীপক ভৰালীকে প্ৰমুখ্য কৰি জোকতলি আঞ্চলিকৰ শতাধিক বাপ- আইয়ে অংশগ্ৰহণ কৰে।

