Breaking

‘সংঘাতৰ ফলত কাৰো লাভ নহয়’, ইজৰাইল-হামাছ যুদ্ধৰ সন্দৰ্ভত বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা…

0 74

ইজৰাইল-হামাছৰ যুদ্ধ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বত যি হৈ আছে সেয়া সঠিক নহয়। আজি বিশ্ব সংকটৰ সন্মুখীন হৈছে, সংঘাত কাৰো স্বাৰ্থত নহয়। আমি পৃথিৱীখনক এক পৃথিৱী এক পৰিয়াল হিচাপে চাব লাগিব। এই মনোভাৱেৰে ভাৰতে আফ্ৰিকান দেশসমূহক জি-২০ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সন্মুখীন হৈছে ভাৰত। সংসদৰ অধিৱেশন চলি থকাৰ সময়তে এই সন্ত্ৰাসবাদী আক্ৰমণ। ২০ বছৰ আগতে আমাৰ সংসদত আক্ৰমণ হৈছিল। অতি দুখৰ বিষয় যে এতিয়ালৈকে সন্ত্ৰাসবাদৰ সংজ্ঞা সন্দৰ্ভত কোনো একমতত উপনীত হোৱা নাই। এইসকল লোকে পৃথিৱীৰ এই দুৰ্বলতাৰ সুযোগ লৈছে। সন্ত্ৰাসৰ বিৰুদ্ধে একেলগে থিয় হওক। দিল্লীত অনুষ্ঠিত হৈ থকা পি-২০ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰে।

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ আজি সপ্তম দিন। সময়ৰ লগে লগে যুদ্ধ অধিক মাৰাত্মক আৰু ধ্বংসাত্মক হৈ পৰিছে। হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলে গাজাত ইমানেই ধ্বংসলীলা যে চাৰিওফালে কেৱল ধ্বংসাৱশেষ।

Leave A Reply