ননৈ : নগাঁৱৰ সদৰ সমষ্টিৰ আন্তৰ্গত পাখিমৰীয়া গাঁৱৰ কালি এখন সুলভ মূল্যৰ দোকানক লৈ দুটা পক্ষৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। সুলভ মুল্যৰ দোকানক লৈ দীৰ্ঘদিন ধৰি চলি থকা সংঘাত দূৰ কৰিবলৈ নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে পাখিমৰীয়া গাঁৱত কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাতেই দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট লাগে। এই খবৰ লাভ কৰি নগাঁৱৰ বৈদ্যুতিন মাধ্যমৰ আৰু ৱেভ পৰ্টেলৰ কেইজনমান সাংবাদিক ঘটনাস্থলিত উপস্থিত হৈ বাতৰি সংগ্ৰহৰ ব্যৱস্থা কৰে। তাৰ পিছতে স্থানীয় এজন বিজেপি নেতাৰ নেতৃত্বত সাংবাদিকৰ দলটোক একাংশ লোকে আক্ৰমণ আৰম্ভ কৰে। ফলত সাংবাদিকৰ দলটোৱে সেই স্থানৰ পৰা আতৰি গৈ লগে লগে স্থানীয় ননৈ আৰক্ষী থানাত ঘটনাটো অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে। ইপিনে কালি বিয়লি নগাঁও ইলেকট্ৰনিক মিডিয়া এছ’চিয়েছনৰ ফালৰ পৰা নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়। উল্লেখ যে পাখিমৰীয়া গাঁৱৰ চামচুল হক নামৰ এজন লোকৰ নামত থকা সুলভ মূল্যৰ দোকানখন অনিয়মেৰে চলা বুলি একাংশ গ্ৰাহকৰ অভিযোগৰ যোগান বিভাগে নিলম্বিত কৰিছিল। পৰৱৰ্তী সময়ত দোকানখনৰ ওপৰত চলোৱা বিভাগীয় তদন্তত নিৰ্দোষী প্ৰমাণ হোৱাত পুনৰ দোকানখন চামচুল হকক চলোৱাৰ বিভাগীয় অনুমতি প্ৰদান কৰা হয়। এই লৈ বিজেপিৰ প্ৰতিনিধি ৰিয়াজুল হকৰ নেতৃত্বত থকা প্ৰতিপক্ষ দলটো খৰ্গহস্ত হয় আৰু যাৰ বাবে কালি দুটা পক্ষৰ মাজত মাৰপিটৰ ঘটনাটো সংঘটিত হয়।

