Breaking

কৃৰ্তীমানক অভিনন্দন…

0 94

২৭ জুন তাৰিখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এটি সজাতি দলে যোৰহাট চি কে বি মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান দখল কৰা নন্দিতা দাস আৰু টীয়ক জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান প্ৰাপ্ত সুদৰ্শনা ভূঞাক তেখেতসকলৰ নিজ গৃহত অভিনন্দন জনাই । যোৰহাট জিলা খুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি জীৱন শইকীয়া,সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা,উপ সভাপতি দিগন্ত প্ৰদীপ নেওঁগ,উপ সভাপতি দীপক বৰুৱা,উপ সভাপতি অনিল বৰা,জিলা সদস্য পূৰ্ণ শইকীয়া,সাংগঠনিক সম্পাদক ভূপেন গগৈ, বৃত্ত সম্পাদক প্ৰদীপ বৰা,ৰাজ্যিক সমিতিৰ সদস্য অচ্যুত প্ৰসাদ গগৈ ৰ লগতে তীয়ক আঞ্চলিক আৰু উত্তৰ পূব আঞ্চলিক সমিতিৰ বিষয় ববিয়া সকলে গামোচা , অভিনন্দন পত্ৰ , এটি হাতেৰে তৈয়াৰী চাহৰ টোপোলা আৰু নগদ পাঁচ হাজাৰ টকা প্ৰদানেৰে অভিনন্দন জনাই।


প্ৰয়োজন সাপেক্ষে সহায়ৰ হাত আগবঢ়াব বুলি সন্থাৰ সভাপতি জীৱন শইকীয়াই দুয়ো গৰাকী ছাত্ৰীৰ অভিভাৱকক জানিবলৈ দিয়ে।

Leave A Reply