টংলাৰ প্ৰেচিডেন্সি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতি ছাত্র ছাত্ৰীক অভিনন্দন…

টংলাৰ প্ৰেচিডেন্সি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতি ছাত্র ছাত্ৰীক অভিনন্দন। ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী টংলাস্থিত প্ৰেচিডেন্সি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি কৃতি ছাত্র-ছাত্ৰী তথা বিদ্যালয় খনত অধ্যয়ন কৰি বিভিন্ন বিষয়ৰ বিভাগত সফলতা অৰ্জন কৰি নিজকে কৰ্মমুখী কৰি তুলিব পৰা ছাত্র-ছাত্ৰীকো অভিনন্দন জনোৱা হয়। বিদ্যালয় খনৰ শিক্ষক ভাস্কৰজ্যোতি শৰ্মাই আঁতধৰা অনুষ্ঠান খনৰ উদ্দেশ্য বাখ্যা কৰে অধ্যক্ষ মোহন শৰ্মাই।অভিনন্দন অনুষ্ঠান খনত বিদ্যালয় খনৰ পৰা সুখ্যাতিৰে সুনাম অর্জন কৰি গৌৰৱ কঢ়িয়াই অনা বিজ্ঞান শাখাৰ ১৮ জন, বাণিজ্য শাখাৰ ১৩ জন আৰু কলা শাখাৰ ২০ জন ছাত্র ছাত্ৰীক মানপত্ৰ, কলম, গামোচাৰে অভিনন্দন জনোৱা হয়।

অনুষ্ঠান খনত অবসৰী শিক্ষক আলহাজ মুছাফৰ হুছেইন, সনাতন শইকীয়া, নিৰেন দৈমাৰী, লক্ষীমণি বৰুৱাই ছাত্র ছাত্ৰী উদ্দেশ্যি প্ৰেৰণা মূলক ভাষণ দিয়ে। ছাত্র ছাত্ৰীৰ গীত, নৃত্য আৰু গৰিমা কুমাৰৰ কবিতা আবৃত্তিয়ে অনুষ্ঠান খন জীপাল কৰি তোলে, আনহাতে উপস্থিত থাকে ক্ৰমে শিক্ষক হেমেন শইকীয়া,প্ৰকাশ শৰ্মা, সংবাদ কৰ্মী ফটিক ৰাভা, অৰূপ বড়ো লগতে অভিভাৱক আৰু ছাত্র ছাত্ৰী সকলে।

Related Articles