Breaking

মহানগৰ শৰণীয়া কছাৰী সমাজৰ উদ্যোগত ৩২ ছাত্ৰ-ছাত্ৰীক অভিনন্দন…

0 67


গুৱাহাটী মহানগৰ শৰণীয়া কছাৰী সমাজৰ উদ্যোগত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অলপতে অনুষ্ঠিত হয়। ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক পৰিক্ষাত উত্তিৰ্ণ হোৱা আৰু বিভিন্ন পৰ্যায়ত শিক্ষা গ্ৰহন কৰি থকা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা সম্বৰ্ধনা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন অনুষ্ঠান, প্ৰজ্বলক, খগেন দাস, চৰিত্ৰ ডেকা,পৰমানন্দ দাস, লোহিত দেউৰীয়ে। ইয়াৰ পিছতে শিশু শিল্পী কৃত শৰণীয়াই জ্যোতি সংগীত পৰিবেশন কৰে । মহানগৰ শৰণীয়া কছাৰী সমাজৰ সভাপতি বাবুল কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাৰ আতঁধৰে সমাজৰ সাধাৰণ সম্পাদক লক্ষ্যধৰ দাস,সহ সম্পাদক ধ্ৰুৱ মণি দাসে।

আদৰনি ভাষণ প্ৰদান কৰে হৰকান্ত হাজৰিকাই, মুখ্য অতিথি, দীপজ্যোতি শৰণীয়া,সাধাৰণ সম্পাদক, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা,হিতেশ ডেকা,অধক্ষ্য শৰণীয়া কছাৰী উন্নয়ন পৰিষদ,সোণবৰ বৰুৱা , সভাপতি ,শৰণীয়া কছাৰী সাহিত্য সভা ,মানস শৰণীয়া,জেষ্ঠ্য অধিবক্তা,ৰামেশ্বৰ ডেকা,প্ৰতিষ্ঠিত সাধাৰণ সম্পাদক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, মানসী দাস ,অনিষ্মিতা শৰণীয়া , সত্যেন কুমাৰ দাস ,কিশোৰ কুমাৰ দাসে উপস্থিত থাকে । ছাত্ৰ-ছাত্ৰী সকলক জনগোষ্ঠীয় মোকচা ,শুভেচ্ছা পত্ৰৰে সম্বৰ্ধনা প্ৰদান কৰে। সভাৰ শলাগৰ শৰাই আগবঢ়াই তপন চন্দ্ৰ ডেকাই।

Leave A Reply