ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগতে আন কেইবাজনেও শপত গ্ৰহণ কৰা কাৰ্যক অসম ৰাজ্যিক সাংবাদিক সন্থাই অভিনন্দন জনাইছে। সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সম্পাদক ৰাতুল বৰাই এক বিবৃতিৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ আশা আকাংক্ষা পূৰ্ণ কৰাত সফল হ’ব বুলি আশা প্ৰকাশ কৰি লগতে উল্লেখ কৰে যে, বর্তমান মূল বিষয়টোৱেই হৈছে ৰাজ্যখনৰ সংক্রমিত হোৱা ক’ৰণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অতি সক্রিয়তাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা৷ ইয়াৰ লগে লগে কেইবা দশক ধৰি ৰাজ্যবাসীয়ে সন্মুখীন হৈ অহা জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত চৰকাৰে আগভাগ ল’ব লাগিব। আনফালে ৰাজ্যখনৰ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, অসম চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰা আদিৰ ক্ষেত্ৰতো ৰাজ্যবাসীয়ে আশা কৰাৰ দৰে ব্যৱস্থা ল’ব লাগিব। তদুপৰি ৰাজ্যখনৰ বৰ্দ্ধিত নিবনুৱা সমস্যা সমাধানৰ বাবেও পদক্ষেপ লোৱাটো অতি প্রয়োজনীয়। নির্বাচনীৰ প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰতো অগ্রাধিকাৰ দিব লাগিব। বিবৃতিটো সাংবাদিক সন্থাৰ সভাপতি-সম্পাদকে ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। লগতে বৰ্তমান ক’ৰণা নিয়ন্ত্ৰণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলে গ্ৰহণ কৰা পদক্ষেপক ৰাজ্যবাসীয়ে কৃতজ্ঞতা জনাইছে। ইতিমধ্যে ৰাজ্যখনৰ কেইবাগৰাকীও সাংবাদিকৰ মৃত্যু হৈছে। সেয়েহে ভাৰতবৰ্ষৰ আন ৰাজ্যত স্বীকৃতি দিয়াৰ দৰে অসমৰ ক্ষেত্ৰতো সাংবাদিকসকলক প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাবে স্বীকৃতি দিবলৈ অনুৰোধ জনাই। বিবৃতিটোত সফলতাৰে পাঁচবছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰি ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰা সৰ্বানন্দ সোনোৱালদেৱক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পনৰ ক্ষেত্ৰত সোনোৱালদেৱে দেখুওৱা ত্যাগ আৰু আদৰ্শ ভাৰতবৰ্ষৰ ৰাজনীতিত এক অভূতপূৰ্ব আৰু বিৰল দিশ হিচাবে বিবেচনা হ’ব বুলি উল্লেখ কৰে।

