Congress:ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক, নতুন ৰণনীতিৰ খসড়া প্ৰস্তুত হ’ব আজি সন্ধিয়া

ডিজিটেল ডেস্কঃ Congress আজি সন্ধিয়া অনুষ্ঠিত হ’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। ৰাজীৱ ভৱনত সন্ধিয়া ৭বজাত অনুষ্ঠিত হ’বলগা এই বৈঠকত কংগ্ৰেছৰ বিভিন্ন শাখা-উপশাখাৰ শীৰ্ষ নেতাসকল অংশগ্ৰহণ কৰিব।

বৈঠকখনত উপস্থিত থাকিব অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিৰ্বাচনী প্রচাৰ কমিটীৰ সভাপতি ভূপেন বৰা, সমন্বয়ৰক্ষী কমিটীৰ সভাপতি দেৱব্রত শইকীয়া, ইস্তাহাৰ কমিটীৰ সভাপতি প্ৰদ্যুৎ বৰদলৈ, প্ৰচাৰ কমিটীৰ সভাপতি ৰকিবুল হুছেইন আৰু নিৰ্বাচন ব্যৱস্থাপনা কমিটীৰ সভাপতি ৰিপুণ বৰা।

এই বৈঠকখনত আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ পৰৱৰ্তী ৰণনীতিৰ খসড়া প্ৰস্তুত কৰাৰ লগতে মিত্ৰতা নীতিৰ ক্ষেত্রতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। লগতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ অসম ভ্ৰমণ সম্পৰ্কেও আলোচনা হ’ব বুলি দলীয় সূত্ৰে জনোৱা হৈছে।

অসমত ৰাজনৈতিক সমীকৰণৰ পটভূমিত এই বৈঠকখনক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

Related Articles