Congress । কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক: গৌৰৱৰ নেতৃত্বত সম্ভৱ হ’বনে বিৰোধীৰে মিত্ৰতা ?আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছ দলে নিজৰ ৰণনীতি প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। বিজেপিক প্ৰতিহত কৰাৰ অভিপ্ৰায়ে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ এতিয়া বিৰোধী শক্তিসকলক একত্ৰিত কৰাৰ প্ৰচেষ্টাত।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈঠক। উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, উত্তৰ-পূবৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, সহ-তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় আৰু মনোজ চৌহান, লগতে সাংসদ- বিধায়কসকল। বিশেষকৈ অনুষ্ঠিত হয় কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক, য’ত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা, ভূপেন বৰা আদি জ্যেষ্ঠ নেতাসকল।

ইফালে আজি বিয়লি অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত অনুষ্ঠিত হ’ব বিৰোধী ৰাজনৈতিক দলসমূহৰ বৈঠক। এই বৈঠকৰ আহ্বান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁৰ কথাত, “আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি আৰু একতাবদ্ধ ৰূপত লড়াৰ সম্ভাৱনা সন্দৰ্ভত এই বৈঠকত বিশদ আলোচনা কৰা হ’ব।”
এই বৈঠকত উপস্থিত থাকিব ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ। প্ৰসঙ্গত উল্লেখযোগ্য, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে বিৰোধী নেতাসকলৰ সৈতে বৈঠকত বহিব।

ভূপেন বৰাৰ সময়ত গঠিত বিৰোধী ঐক্যমঞ্চৰ অভিজ্ঞতাই দেখুৱাইছিল যে ঐক্য স্থাপন সহজ নহয়। তেতিয়া কংগ্ৰেছৰ ওপৰত “বিশ্বাসঘাতকতা”ৰ অভিযোগ উঠি ঐক্যমঞ্চ ভংগ হৈছিল, যাৰ ফলত কংগ্ৰেছ অবিহনে গঠন হৈছিল অসম সন্মিলিত মৰ্চা।
এইবাৰ সেই ভুলৰ পুনৰাবৃত্তি নহ’ব নে, আৰু কংগ্ৰেছ পুনৰ বিৰোধী মৰ্চাৰ অংশ হ’ব নে নহয়—সেই কথা আজিৰ বৈঠকত চূড়ান্ত হোৱাৰ সম্ভাৱনা।
গৌৰৱ গগৈৰ নেতৃত্বত এই বিৰোধী বৈঠকে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক পৰিস্থিতিক নতুন দিশ দিব নে, সেইফালেই এতিয়া সকলোৰ দৃষ্টি।

