কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা জাতিটোৰ বাবে অশনি সংকেট : বিধায়ক প্ৰদীপ হাজৰিকা

গেলেকী : নাজিৰা আৰু আমগুৰি সমষ্টিত আজি কিছু দিন ধৰি প্ৰৱলভাৱে ৰাজনৈতিক বতাহ বলিছে। নাজিৰা সমষ্টি কংগ্ৰেছৰ দখলৰ বিপৰীতে আমগুৰি সমষ্টি অগপ দখলত আছে। তাতে আকৌ ২০২১ৰ নিৰ্বাচনী বতাহে দুয়োটা সমষ্টিৰ ৰাইজক গা, মন জুৰি পেলাইছে। কিন্তু ব্যতিক্ৰমী ৰূপত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্ব আৰু বৰ্তমান কাৰ্যকালত সমষ্টিত ৰূপায়ন হোৱা অভিলেখ সংখ্যক উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈ বৃহত্তৰ চাৰিং অঞ্চলৰ কংগ্ৰেছ দলৰ ৪০ টাকৈ পৰিয়ালে বিধায়কৰ উপস্থিতিত আজি অগপ দলত যোগদান কৰে। উল্লেখ্য যে ৪০ টা পৰিয়ালৰ অধিকাংশ পৰিয়ালেই কংগ্ৰেছৰ দুৰ্গ খ্যাত খনিকৰ বংশৰ লোক। ঐতিহাসিক চাৰিং বৰতলত অনুষ্ঠিত উক্ত যোগদান সভাত উপস্থিত থাকি বিধায়ক প্ৰদীপ হাজৰিকাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই জাতিটোৰ বাবে অশনি সংকেট কঢ়িয়াই আনিব বুলি মন্তব্য আগবঢ়ায়। আজিৰ সভাত অগপৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, সম্পাদক মণ্টু গগৈ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুদৰ্শন হাজৰিকা আৰু অগপৰ চাৰিং আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। আনহাতে ১৮ ছেপ্তেম্বৰৰ দিনা বিধায়ক প্রদীপ হাজৰিকাৰ বাসগৃহত ম’ৰাবজাৰ বৰ মছজিদৰ প্ৰাক্তন সম্পাদক চাছাদ আলি, নামতি দ’ল পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ যতীন লাহন, যোগেন গগৈ, কমল গগৈ আৰু ৫ নং ৱাৰ্ডৰ খগেন চেতিয়াই কংগ্ৰেছ দলত্যাগ কৰি অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Related Articles