বিৰোধীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত পৰিয়ালতন্ত্ৰৰ স্পষ্ট প্ৰতিফলন ঘটিছে৷ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে আক্ৰমণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে৷ বিৰোধীৰ মিত্ৰ দলৰ মাজত মিত্ৰতা নৌহওঁতেই কংগ্ৰেছৰ একপক্ষীয় তালিকা ঘোষণা কাৰ্যক প্ৰহসন আখ্যা দি মুখ্যমন্ত্ৰীৰ ঘোষণা, কংগ্ৰেছৰ ওচৰত ব্লেকমেইলৰ পৰিৱেশৰ মাজতেই আত্মসমপৰ্ণ কৰিব অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে৷ কংগ্ৰেছে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা ৪২জনীয়া তালিকাখনক লৈ মুখ্যমন্ত্ৰীৰ নিশা বাজপেয়ী ভৱনত প্ৰথম প্ৰতিক্ৰিয়া যে কংগ্ৰেছত পৰিয়ালবাদ অব্যাহত ৰাখি প্ৰাৰ্থিত্ব দিয়া হৈছে৷’ কংগ্ৰেছৰ যিখন তালিকা, সেইখন হৈছে ডাইনেষ্টিক পলিটিক্সৰ প্ৰতিফলন৷ প্ৰদু্যৎ বৰদলৈৰ পুত্ৰ, ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সন্তান, প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী, ধুবুৰীৰ সাংসদৰ সন্তান– এই ধৰণৰে তালিকাখন কোনোবা নেতাৰ সতি-সন্ততি আৰু পৰিয়ালৰ লোকেৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থীৰ তালিকা৷’ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, কংগ্ৰেছৰ প্ৰথমখন তালিকাত ৪২জনৰ ভিতৰত জ্জজনৰেই আছে পৰিয়ালকেন্দ্ৰিক যোগসূত্ৰ৷

তালিকাত কংগ্ৰেছে প্ৰক্ষেপ কৰাসকলৰ ভিতৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্ৰয়াত মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, এ পি চি চিৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, সাংসদ প্ৰদু্যৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈৰ নাম প্ৰাৰ্থীৰূপে কংগ্ৰেছ দলে ঘোষণা কৰিছে৷ কংগ্ৰেছ দলৰ বিৰুদ্ধে পৰিয়ালতন্ত্ৰৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘আপোনলোকে যদি ৰাজ্যসভাৰ তালিকাখন চায় দেখিব, আমি কাক প্ৰাৰ্থিত্ব দিছোঁ ? তেৰছ গোৱালা আৰু যোগেন মহনক আমি প্ৰাৰ্থিত্ব দিছোঁ৷ তেওঁলোকৰ পিতৃ-মাতৃক কোনেও নাজানে৷ সন্মানীয় পিতৃ-মাতৃ, তেওঁলোক কোনেও কেতিয়াও ৰাজনীতিৰ লগত জড়িত নহয়৷

বিজেপিৰ লক্ষ্য হ’ল যে সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালীক আগুৱাই লৈ যোৱা৷ সেয়ে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকাত আদৰ্শগত আৰু সংস্কৃতিগত পাৰ্থক্য পৰিষ্কাৰ হৈছে৷’ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বিজেপি দলে মূলতঃ ১০৩টা সমষ্টিত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ কংগ্ৰেছে বিৰোধীৰ মিত্ৰতা ঘোষণা নৌহওঁতেই নিজৰ তালিকা প্ৰকাশ কৰা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধীৰ মিত্ৰতাৰ নামত ব্লেকমেইলিংহে চলিছে৷ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ প্ৰসংগত মন্তব্য কৰি শৰ্মাই কয় যে মিত্ৰতা তেওঁলোকৰ হ’ব, কিন্তু দুয়োজনেই কংগ্ৰেছৰ মতেই মিত্ৰতা কৰিব৷ লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘বিধায়ক হোৱাৰ স্বাৰ্থতে লুৰীণজ্যোতি গগৈয়েও মিত্ৰতা কৰিব কংগ্ৰেছৰ সৈতে৷

লুৰীণজ্যোতি গগৈয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থীক টিকট দিয়াৰ প্ৰতিশ্ৰুতি দি থৈছে৷ কিন্তু মূল লক্ষ্য নিজেই খোৱাঙৰ পৰা জিকি অহা৷’ অখিল-কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কেও মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শৰ্মাই কয়, ‘কাইলৈ হয়তো অখিল গগৈয়ে আত্মসমপৰ্ণ কৰিব পাৰে৷ কিয় ? অখিল গগৈ শিৱসাগৰৰ আসনত জিকিব লাগে৷ অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ শিৱসাগৰৰ ওপৰত নিৰ্ভৰ কৰিব৷ শিৱসাগৰত কংগ্ৰেছে প্ৰাৰ্থী দিলে তেওঁ দুৰ্বল অনুভৱ কৰিব৷ সেই কাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে৷ অখিলে কংগ্ৰেছক ভয় খুওৱা আৰু অখিলক কংগ্ৰেছ ভয় খুওৱা এইদৰেই তেওঁলোকৰ চলি আছে৷’

Related Articles