Breaking

নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত বিৰোধী দলপতিৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

0 48

লোকসভা নিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে নাজিৰাৰ ব্লক কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগাদন কৰে প্ৰায় ২৫গৰাকী লোকে।

জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসমৰ নেতাৰ লগতে শাসকীয় পক্ষ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে ভাৰতীয় জাতীয় কংগ্ৰেছত।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ড° হেমপ্ৰভা শইকীয়া, শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি অংশুমান বৰুৱা, নাজিৰা ব্লক কংগ্ৰেছৰ সভাপতি সভাৰাম গগৈকে ধৰি ভালে কেইজন বিষয় ববীয়া৷

Leave A Reply