Breaking

‘কংগ্ৰেছৰ বাবৰলৈ মৰম, শ্ৰীৰামলৈ আস্থা নাই’

0 36

কংগ্ৰেছে ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ নিমন্ত্ৰণ প্রত্যাখ্যান কৰাক লৈ সোচ্চাৰ ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা।

কংগ্ৰেছে ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ নিমন্ত্ৰণ নাকচ কৰাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “… পাপ খণ্ডন কৰিবলৈ বিশ্ব হিন্দু পৰিষদে ডাঙৰ সুযোগ দিছে। তেওঁলোকে বাবৰক ভাল পায়, ভগৱান ৰামক নহয়। গতিকে তেওঁলোকক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত ভুল আছিল আৰু ভগৱান ৰামত বিশ্বাস থকাসকলকহে নিমন্ত্ৰণ কৰিব লাগে। ভগৱান ৰাম আৰু বাবৰৰ মাজত গান্ধী পৰিয়ালে প্ৰথমে বাবৰক প্ৰণাম জনাব…”।

ইয়াৰ পূৰ্বে নিজৰ এক্স হেণ্ডেলত শৰ্মাই আফগানিস্তানৰ বাবৰ সমাধিস্থললৈ গান্ধী পৰিয়ালৰ ভ্ৰমণৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল, বিশেষকৈ ২০০৫ চনত ৰাহুল গান্ধীৰ ভ্ৰমণৰ ওপৰত আলোকপাত কৰিছিল।

Leave A Reply