ধুবুৰী জিলাৰ আলমগঞ্জ বজাৰত কংগ্ৰেছৰ তিনি ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন

আজি অগ্নিপথ আঁচনি বাতিলৰ দাবীত গৌৰীপুৰৰ আলমগঞ্জ বজাৰত কংগ্ৰেছৰ তিনি ঘন্টীয় প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।সমগ্ৰ ৰাজ্যৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে আজি গৌৰীপুৰ বিধানসভা সমষ্টিৰ দেবীতোলা আৰু ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কেন্দ্ৰৰ স্বেচ্ছাচাৰী বি জে পি চৰকাৰৰ নিবনুৱা বিৰোধী প্ৰতিৰক্ষা বাহিনীৰ নিযুক্তি সম্পৰ্কত বলবৎ কৰিব বিচৰা অগ্নিপথ আঁচনি বাতিলৰ দাবীত শান্তিপূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী আলমগঞ্জ বজাৰত পালন কৰা পৰিলক্ষিত হয়৷

উল্লেখ্য যে কংগ্ৰেছৰ এই অগ্নিপথ আঁচনি বাতিলৰ দাবী কেন্দ্ৰীয় চৰকাৰে মানি নল’লে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন চলি থাকিব বুলি প্ৰতিবাদ কাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

Related Articles