Breaking

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ

0 1,254

শিৱসাগৰ নগৰত শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ।কেন্দ্ৰীয় চৰকাৰৰ সেনা ভৰ্তিকৰণৰ “অগ্নিপথ” আঁচনিৰ বিৰুদ্ধে শিৱসাগৰ জিলা কংগ্ৰেছ দলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।শিৱসাগৰ নগৰৰ ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি কংগ্ৰেছ দলৰ সমৰ্থক সকলে অনতিপলমে এই আঁচনি বাতিল কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এই আঁচনিৰ দ্বাৰা দেশৰ যুৱ সমাজৰ এক বৃহৎ ক্ষতি হ’ব বুলি উল্লেখ কৰি বিজেপি দলে দলীয় লাভৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰা বুলি অভিযোগ আনে কংগ্ৰেছ দলে।

কংগ্ৰেছ দলৰ সমৰ্থক সকলে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি এই আঁচনি বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ দ্বাৰা ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave A Reply